Ferry ambulance stuck: ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী এম্বুলেঞ্চ; ৰোগীৰ হাহাকাৰ
মাজুলী, 23 এপ্ৰিল : মাজুলীত বতৰৰ কাল ৰূপ ৷ দেওবাৰে দুপৰীয়া ভাগত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ পৰে এখন ৰোগী কঢ়িওৱা 108 নং ফেৰী (Ferry ambulance stuck in Brahmaputra) ৷ অফলামুখৰ পৰা যোৰহাটৰ নিমাতী ঘাটলৈ ৰোগী লৈ গৈছিল ১০৮ নং ফেৰীখনে । নদীৰ মাজত ফেৰীখনত তীব্ৰ বতাহে কোবোৱাৰ ফলত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Ferry ambulance stuck due to heavy storm) ৷ বৰ্তমান এটা বালিচৰত আৱদ্ধ হৈ আছে এই ১০৮ নং ফেৰীখন ৷ ইতিমধ্যে মাজুলীত বতাহ বৰষুণৰ বাবে কোনো দুৰ্ঘটনা সংঘটিত হ’ব নোৱাৰাকৈ কেইবাখনো ফেৰী বাতিল কৰা হৈছে ।
লগতে পঢ়ক:Case against Srinivas: গ্ৰেপ্তাৰ হ’ব নেকি যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি ?