Kidney Ailment: দুয়োটা বৃক্ক বিকল হৈ শয্যাগত মেধাৱী যুৱক, বিচাৰিছে সহায় - দুয়োটা বৃক্ক বিকল হৈ শয্যাগত মেধাৱী যুৱক
Published : Sep 12, 2023, 8:36 PM IST
সৰুপথাৰ,১২ ছেপ্টেম্বৰ:মানৱ দেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হৈছে বৃক্ক । এটা বৃক্ক বিকল হ'লেই মানুহৰ জীয়াই থকাটো কঠিন হৈ পৰে । তেনেস্থলত সৰুপথাৰৰ ২নং পদুমনিৰ মনোজ ভগত নামৰ ছাত্ৰজনৰ দুয়োটা বৃক্কই বিকল হৈ বৰ্তমান অসুস্থ হৈ পৰিছে । ৰমেশ ভগত আৰু মীনা ভগতৰ পুত্ৰ মনোজ ভগত বৰপথাৰ জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ।
পিতৃ মাতৃয়ে অশেষ চেষ্টা কৰি বৰ্তমান চিকিৎসা কৰিবলৈ যত্ন কৰিছে যদিও সাধাৰণ খেতিয়ক পিতৃ ৰমেশ ভগত আৰ্থিকভাৱে পিছপৰা । পিতৃয়ে খেতি কৰি পোহপাল দি আহিছে পৰিয়ালটোক । মাটি-সম্পত্তি বিক্ৰী কৰিও পুত্ৰৰ চিকিৎসা কৰিছে পৰিয়ালটোৱে ।
পিছে ইমানেও নোজোৰাত দুৰ্ভগীয়া পৰিয়ালটিয়ে চৰকাৰৰ লগতে অসমবাসী ৰাইজৰ ওচৰতো বিচাৰিছে সহায়ৰ হাত । আপোনাৰ অকনমান সহায়ে হাঁহি বিৰিঙাব পাৰে পৰিয়ালটিৰ মুখত । আপোনাৰ বহুমূলীয়া সহায় আগঢ়াব পাৰে মাতৃ মীনা দেৱীৰ একাউণ্ট নাম্বাৰ: 1723010095585, IFSC-PUNB0172320 ত ।
লগতে পঢ়ক:DoHUA: ৰাজ্যৰ ৯ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অসম নগৰ পৰিকল্পনা উপদেষ্টা সমিতিৰ অনুমোদন