অসম

assam

বেকী নদীত গা ধুবলৈ গৈ সন্ধান হ’ল কিশোৰ

By

Published : Aug 2, 2023, 11:46 AM IST

ETV Bharat / videos

Boy goes missing: বেকী নদীত গা ধুবলৈ গৈ সন্ধান হ’ল কিশোৰ

জনিয়া, 2 আগষ্ট: কলগাছিয়া থানাৰ অন্তৰ্গত সাওঁৰাচৰা গাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ বেকী নদীত গা-ধ বলৈ গৈ সন্ধান হ’ল কিশোৰ ৷ জানিব পৰা মতে, মঙলবাৰে সাওঁৰাচৰা গাঁৱৰ জাহিদুল ইছলামৰ পুত্ৰ ইকবাল হাছান আৰু ইক্ৰামুল হাছান নামৰ দুই জমজ ভাতৃয়ে বিয়লিৰ ভাগত বেকী নদীত গা-ধুবলৈ গৈছিল । কিন্তু গা-ধুবলৈ যাওঁতে নদীৰ গৰা খহি পৰাত দিউ কিশোৰ নদীত পৰি যায় ৷

পৰৱৰ্তী সময়ত ৰাইজৰ তৎপৰতাত ইক্ৰামুল হাছান নামত কিশোৰটোক উদ্ধাৰ কৰে ৷ কিন্তু ইকবাল হাছান নামৰ শিশুটি বেকী নদীৰ কোবাল সোঁত উটুৱাই নিয়ে ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কলগাছিয়া আৰক্ষী খবৰ দিয়ে ৰাইজে ৷ আনহাতে, এচ ডি আৰ এফ বাহিনীক খবৰ দিয়াৰ 4 ঘন্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱা অভিযোগ ৰাইজৰ ৷ 

লগতে পঢ়ক:Scam in Jal Jeevan Mission: কলগাছিয়াৰ চৰচৰীয়া চৰত জলজীৱন মিছনত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details