অসম

assam

কোনোমতে প্ৰাণ ৰক্ষা বাইক আৰোহীৰ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 4:48 PM IST

ETV Bharat / videos

Accident Live viral video:শিহৰণকাৰী ! কোনোমতে প্ৰাণ ৰক্ষা বাইক আৰোহীৰ

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ : গুজৰাটৰ চুৰাটত শিহৰণকাৰী ঘটনা ৷  চুৰাটৰ ৰিং ৰোড দলঙত বাইক চলাই যোৱা এজন বাইক আৰোহী দুৰ্ঘটনাত পতিত হৈ 25 ফুট উচ্চতাৰ দলঙৰ পৰা তললৈ পৰি মৃত্যু হোৱাৰ পৰা কথমপি ৰক্ষা পৰে  ৷ এই ভয়ংকৰ ঘটনা বন্দী হৈছে বাইক আৰোহীৰগৰাকীৰ পিচে পিচে গৈ থকা এখন বাহনৰ চিচিটিভিত ৷ তাৰ পিচতে এই ভিডিঅ’টো ব্যাপকভাৱে ভাইৰেল হৈ পৰে ৷  

সোমবাৰে পুৱা ৰিং ৰোড চাৰা দৰৱাজাৰ দলংখনত বাইক আৰোহীৰ এটা দলে যাত্ৰা কৰি আছিল ৷ তাৰ পিচত এজন বাইক আৰোহীয়ে হঠাতে বাইকৰ গতি বৃদ্ধি কৰে আৰু তেওঁ দলংখনৰ সোঁফালে খুন্দা মাৰে ৷ ফলত আৰোহীগৰাকীৰ বাইকখন 50 মিটাৰ দূৰত ছিটিকি পৰে ৷ কিন্তু সৌভাগ্যক্ৰমে, আৰোহীজনে দলঙৰ ৰাজপথত বাগৰি পৰে ৷ পুনৰ তেওঁ উঠি বাইক উঠাই লৈ সুকলমে যাত্ৰা কৰে ৷  

কিন্তু আৰোহীজন কেনেবাকৈ দলঙৰ তলত পৰিলে তেওঁৰ মৃত্যুৰ নিশ্চিত আছিল ৷ দলংখন 25 ফুট উচ্চতাৰ আছিল ৷  এই ভিডিঅ'টো চোৱাৰ পিছত চুৰাট আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে নে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:Fire accident: আৰিয়ালুৰ জিলাৰ আতচবাজীত দোকানত বিধ্বংসী অগ্নিকাণ্ড, ৭ জন নিহত

ABOUT THE AUTHOR

...view details