International Yoga Day 2023: ডিব্ৰুগড়ত যোগ দিৱসত মন্ত্ৰী অজন্তা নেওগ
মৰাণ, ২১ জুন:ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । 'বসুধৈৱ কুটুম্বকমৰ বাবে যোগাসন' শীৰ্ষক শ্লোগানেৰে অনুষ্ঠিত হয় এই যোগ দিৱস । ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড়ৰ মিলন নগৰস্থিত মাল্টিপাৰপাছ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু যোগ প্ৰদৰ্শনৰ কাৰ্যসূচী ।
এই কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিত্তমন্ত্ৰী অজন্তা নেওঁগে । ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে যোগাসনৰ আদৰণি ভাষণ প্ৰদান কৰা যোগ দিৱসত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে । এই অনুষ্ঠানত অংশ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে এই যোগ কাৰ্যই সমগ্ৰ বিশ্বক একত্ৰিত কৰে । বিশ্বলৈ শান্তি কঢ়িয়াই আনে । সেয়েহে তেওঁ সকলোকে যোগ কাৰ্যৰ প্ৰতি আগবঢ়ি আহিবলৈ আহ্বান জনাই ।
লগতে পঢ়ক:International Yoga Day : তেজপুৰৰ যোগ দিৱসত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
TAGGED:
International Yoga Day 2023