অসম

assam

শিক্ষাৰ্থীক ছেবা প’ৰ্টেলত নাম পঞ্জীয়নৰ নিৰ্দেশনা

By

Published : May 12, 2023, 11:02 PM IST

ETV Bharat / videos

SEBA portal: ১৫ জুনৰ ভিতৰত নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীক ছেবা প’ৰ্টেলত নাম পঞ্জীয়নৰ নিৰ্দেশনা

গুৱাহাটী, ১২ মে’:বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ শিক্ষা বিভাগে ইতিমধ্যে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । নতুন শিক্ষা নীতিৰ আধাৰত ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ ছেবাই প’ৰ্টেল সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে (SEBA press meet in Guwahati)। ইতিমধ্যে ৰাজ্যৰ বিদ্যালয়সমূহলৈ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম ছেবা প’ৰ্টেলত পঞ্জীয়ন কৰাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ছেবা কৰ্তৃপক্ষই । সেই অনুসৰি চলিত বৰ্ষৰ ১৫ জুনৰ ভিতৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম ছেবা প’ৰ্টেলত পঞ্জীয়ন বাধ্যতামূলক কৰা বুলি বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ছেবাৰ সচিব নৰনাৰায়ণ নাথে (SEBA Secretary Naranarayan Nath)।  

ছেবাৰ সচিবগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, অহা ৩১ মে ৰ’ ভিতৰত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰ ছেবাৰ পৰ্টেলত অন্তৰ্ভুক্তিৰ বাবে জাননীও প্ৰেৰণ কৰা হৈছে (SEBA portal registration)। নিৰ্দিষ্ট সময়ৰ ভিতৰত যিসকল নৱম আৰু দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীয়ে পৰীক্ষাৰ নম্বৰসমূহ অনলাইনত অন্তৰ্ভুক্ত নকৰায় সেইসমূহ ছাত্ৰ-ছাত্ৰী পৰৱৰ্তী সময়ত পৰীক্ষাত বহিব নোৱাৰিব (Students register names on SEBA portal)। সেইবাবে ছাত্ৰ-ছাত্ৰীৰ নাম ছেবা প’ৰ্টেলত পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে বুলি সচিবগৰাকীয়ে সদৰী কৰে ৷ 

লগতে পঢ়ক:BVFCL in crisis: কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে গভীৰ সংকটত নামৰূপ সাৰ কাৰখানা

ABOUT THE AUTHOR

...view details