অসম

assam

৯৬ সংখ্যক হাউলী ৰাস মহোৎসৱ উদ্বোধন মিছিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগুৰ

ETV Bharat / videos

হাউলী ৰাস মহোৎসৱ উদ্বোধন মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগুৰ - Hawli rash mahotsav 2023

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 10:39 PM IST

বৰপেটা, ২৭ নৱেম্বৰ : সমগ্ৰ ৰাজ্য এতিয়া কৃষ্ণ বন্দনা আৰু ভক্তিৰসত বুৰ গৈ আছে । কিয়নো দেওবাৰে পৱিত্ৰ ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যজুৰি শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ । যাৰ বাবে এতিয়া সত্ৰনগৰী মাজুলীৰ পৰা আৰম্ভ কৰি বৰপেটা-নলবাৰীলৈকে এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে ।

সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰৰ পৰা আৰম্ভ হৈছে বৰপেটাৰ ঐতিহ্যমণ্ডিত হাউলী ৰাস মহোৎসৱো ৷ দেওবাৰে মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগুৱে মুখ্যদ্বাৰ মুকলি কৰি শুভাৰম্ভ কৰে হাউলী ৰাস মহোৎসৱৰ ৷ এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে বিশিষ্ট লেখক তথা মিচিং সাহিত্য সভাৰ সভাপতিগৰাকীক আদৰি অনাৰ পিচতে ৰাস মন্দিৰৰ পূজাৰীয়ে যথাবিহিতভাৱে আদৰণি জনায় ।

উল্লেখ্য যে দেওবাৰৰ পৰা আৰম্ভ হোৱা হাউলী ৰাস মহোৎসৱ পোন্ধৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । আনহাতে, ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰে হৰিনাৰায়ণ পেগু, ডঃ মাধুৰ্যমণ্ডিত বৰুৱা, হৃষিকেশ গোস্বামীকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট লেখক ডঃ মাধুৰ্যমণ্ডিত বৰুৱাই ৰাস মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা 'মূৰুলী' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷

উল্লেখ্য যে প্ৰতিবছৰেই হাউলী ৰাস মহোৎসৱে বিপুল সংখ্যক দৰ্শনাৰ্থীক আকৰ্ষিত কৰি আহিছে । এইবাৰো তাৰ ব্যতিক্ৰম নহয় । আৰম্ভনিৰ দিনাৰে পৰাই হাউলী ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে  ৷

লগতে পঢ়ক :9 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল নলবাৰীৰ ৰামপুৰ ৰাস মহোৎসৱ

ABOUT THE AUTHOR

...view details