অসম

assam

৯০ বছৰত নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱ

ETV Bharat / videos

মহাভাৰতৰ শ্ৰীকৃষ্ণ আহিব নলবাৰীৰ ৰাসলৈ; হৰিমন্দিৰত উখল-মাখল পৰিৱেশ - Hari Mandir Rash Mahotsav of Nalbari

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 4:33 PM IST

নলবাৰী, ২৫ নৱেম্বৰ : দেওবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভকতি ৰসত বুৰ গৈছে । লগতে সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ । ব্যতিক্ৰম নহয় নলবাৰীৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱো । ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে । 

৯০ বছৰত ভৰি দিয়া এই ঐতিহাসিক নলবাৰী ৰাস মহোৎসৱৰ দ্বাৰ মুকলি হ'ব দেওবাৰে গধূলি । উল্লেখ্য যে ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এইবাৰৰ নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ । ৰাস মহোৎসৱক লৈ এতিয়া নলবাৰীত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ । ৰাস মহোৎসৱ আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, এইবাৰ নলবাৰীৰ ৯০ সংখ্যক ৰাস মহোৎসৱত তিনি তৰপীয়া ৰাসৰ আয়োজন কৰা হৈছে । 

আনহাতে, পৰম্পৰা ৰক্ষা কৰা পোন প্ৰথমবাৰৰ বাবে এই প্ৰায় ১৩ টা ভ্ৰাম্যমাণ নাট্যগোষ্ঠীয়ে নলবাৰী ৰাস মহোৎসৱত নাট প্ৰদৰ্শন কৰিব । এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱ উদ্বোধন কৰিব দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক মহাভাৰতৰ শ্ৰীকৃষ্ণৰ ভাৱত অভিনয় কৰা অভিনেতা নীতিশ ভাৰদ্বাজে । উল্লেখযোগ্য যে এইবেলি ৯০ সংখ্যক নলবাৰীৰ শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ বাবে আটাইবোৰ দিশৰে চকুত লগাকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু লাখ লাখ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে ।  

লগতে পঢ়ক :আজিৰ পৰা মাজুলীত আৰম্ভ শাৰদীয় ৰাস মহোৎসৱ, পৰ্যটকৰ ভিৰ

ABOUT THE AUTHOR

...view details