জ্যোতি চিত্ৰবনত তাৰকাৰ ভিৰ, আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ - জ্যোতি চিত্ৰবন
Published : Dec 14, 2023, 10:59 PM IST
গুৱাহাটী, ১৪ ডিচেম্বৰ: আজিৰে পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আৰম্ভ হ’ল বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱৰ অষ্টম সংস্কৰণ ৷ আজিৰে পৰা আৰম্ভ হোৱা এই মহোৎসৱ ১৭ ডিচেম্বৰত অন্ত পৰিব ৷ এই মহোৎসৱৰ লক্ষ্য হৈছে উত্তৰ-পূবত বৰ্ধিত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে শিল্পীসকলক উৎসাহিত কৰাৰ লগতে স্থানীয় প্ৰতিভা আৰু সৃজনশীলতা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰা ।
এইবাৰৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব দেশৰ ত্ৰিশখনকৈ ভিন্ন ভাষাৰ ছবি । আনহাতে কুকি, জিয়াকে ধৰি অসমৰ তিনিখন ছবি প্ৰদৰ্শিত হোৱাৰ লগতে আদিল হুছেইন অভিনীত আৰু নাথালিয়া শ্যামৰ পৰিচালনাত নিৰ্মিত বঁটা বিজয়ী ছবি ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’ প্ৰদৰ্শন কৰা হ’ব ।
চাৰিদিনীয়াকৈ অনুস্থিত হোৱা এই চলচ্চিত্ৰ মহোৎসৱৰ আজি এক সাংস্কৃতিক অনুষ্ঠানৰে শুভাৰম্ভ কৰা হয় । শুভাৰম্ভনি অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগৰ কেবাগৰাকীও কলা-কুশলী । ইয়াৰোপৰি অসমৰ বাহিৰৰো প্ৰায় 50 গৰাকী ছবি নিৰ্মাতা উপস্থিত থকা বুলি উদ্যোক্তাই জনাইছে ৷
উল্লেখ্য যে মহোৎসৱৰ সাতটা সংস্কৰণ সফলতাৰে আয়োজন কৰাৰ পাচত বিগত তিনি বছৰ ক’ভিড-১৯ মহামাৰীৰ বাবে বিৰতিৰ অন্তত অষ্টম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ পুনৰ আয়োজন কৰা হৈছে ।
লগতে পঢ়ক:২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিলে চেলেঞ্জে