অসম

assam

চেপনত অষ্টম বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলন

ETV Bharat / videos

Central Karam Conference: চেপনত অষ্টম বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলন সম্পন্ন; ২০০০ নাচনীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন - ২০০০ নাচনীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 1:04 PM IST

ডিব্ৰুগড়, 12 ছেপ্টেম্বৰ : শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাৰ সীমাত অৱস্থিত মৰাণৰ চেপন চাহ বাগিছাৰ বৰতানী কৰমা ভৱনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টম বাৰ্ষিক চেপন কেন্দ্ৰীয় কৰম সন্মিলনখনিৰ সোমবাৰে নিশা সফল সামৰণি পৰে । প্ৰথম দিনা বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰায় ২০০০ নাচনীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শনে সকলোকে আপ্লুত কৰে ।

অন্তিম দিনাৰ নিশা অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, চাহ জনগোষ্ঠীৰ প্ৰাক্তন ছাত্ৰনেতা প্ৰহ্লাদ তাচা, টাইপাৰ সভাপতিসহ বিভিন্ন জাতি-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে । সোমবাৰে নিশাৰ ভাগত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চাহ জনগোষ্ঠীৰ পৰম্পৰা ৰক্ষা কৰিবলৈ উদ্যোগতাসকলে যি চেষ্টা কৰিছে, তাক ধন্যবাদ জনায় । লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘জনগোষ্ঠীসকল একগোট হৈ থকাৰ বাবেই এই ধৰণেৰে কৰম সন্মিলন অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছো । ইয়াত চাহ জনগোষ্ঠীৰ ৰাইজক সাহিত্যৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্য ৰাখি এখন স্মৃতি গ্ৰন্থও প্ৰকাশ কৰিছে’’ ।

লগতে পঢ়ক :Lightning strikes at Barpeta road: বৰপেটাৰোডৰ কাটাঝাৰত বজ্ৰ পৰি আহত চাৰি কিশোৰ-কিশোৰী

ABOUT THE AUTHOR

...view details