অসম

assam

Fire at Duliajan : দুলীয়াজানত ভয়ংকৰ জুইত জ্বলি গ'ল ৮ টাকৈ ঘৰ

By

Published : Feb 4, 2023, 5:20 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

Duliajan

মৰাণ, ৪ ফেব্ৰুৱাৰী : দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড (massive fire in Duliajan) । অগ্নিকাণ্ডত জাহ যায় আঠটাকৈ বাসগৃহ । উল্লেখ্য, শুকুৰবাৰে নিশা দুলীয়াজানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড (fire borke out in Duliajan Dibrugarh) । ঘটনাৰ বিৱৰণী মতে, শুকুৰবাৰে নিশা দুলীয়াজানৰ বিষ্ণুনগৰস্থিত বৰাগাধৈত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে জুইৰ লেলিহান শিখাই নিমিষতে গ্ৰাস কৰে ওচৰৰ কেইবাটাও বাসগৃহ ।

তাৰে ভিতৰত জুইত সম্পূৰ্ণৰূপে জাহ যায় ৮ টাকৈ বাসগৃহ (8 houses gutted in fire at Duliajan) । ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে স্থানীয় আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনির্বাপক বাহিনীৰ গাড়ী । স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত কিছু সময় পিছত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে আঠটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ।

লগতে পঢ়ক :Road accident in Mangaldoi: মঙলদৈত পৃথকে পৃথকে হোৱা দুটাকৈ দুৰ্ঘটনাত নিহত তিনিজন

ইফালে অগ্নিকাণ্ডৰ ফলত ঘৰৰ ভিতৰত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হয় (cylinder blast in fire of Duliajan) । অগ্নিকাণ্ডত হোৱা চিলিণ্ডাৰ বিস্ফোৰণৰ প্ৰচণ্ড শব্দত শংকিত হৈ পৰে স্থানীয় লোক । যাৰ ফলত একপ্ৰকাৰ আতংকিত হৈ ৰাইজে বিবুধিত পৰাৰ লেখীয়া হয় । প্ৰাপ্ত খবৰ অনুযায়ী এই অগ্নিকাণ্ডত আঠটা বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় । অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে । আনহাতে, অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :Widow committed suicide: বাল্য বিবাহৰ ঘটনাক লৈ উত্তেজনা, পিতৃক বচাবলৈ বিধৱা মহিলাৰ আত্মহনন

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

...view details