77th Independence Day: কলিয়াবৰত উদযাপন ৭৭ সংখ্যক স্বাধীনতা দিৱস
কলিয়াবৰ, 15 আগষ্ট : এইবেলি দেশে স্বাধীনতাৰ ৭৬ টা বছৰ সম্পূৰ্ণ কৰিলে । ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত বাৰেৰহণীয়া কাৰ্য্যসূচীৰে উদ্যাপন হয় ।
মঙলবাৰে কুঁৱৰীটোলৰ ঐতিহসিক গান্ধী পথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় উৎসৱত মুখ্য অতিথি ৰূপে জাতীয় পতাকা উত্তোলন কৰে নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰে । পতাকা উত্তোলন কৰি শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে ।
অসম আৰক্ষী, অসম বন সুৰক্ষা বাহিনী, কলিয়াবৰৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কুচকাৱাজত গ্ৰহণ কৰে । উক্ত অনুষ্ঠানত কলিয়াবৰৰ বিভিন্ন স্তৰৰ কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ।
লগতে পঢ়ক :Independence day 2023: জোনাইত স্বাধীনতা দিৱস উদযাপন