Tricolour rally: ৰঙিয়াত অমৃত কলহ সহিতে ৭৬ মিটাৰ দৈৰ্ঘ্যৰ ত্ৰিৰংগ পতাকা লৈ সমদল
Published : Oct 8, 2023, 9:00 PM IST
ৰঙিয়া, 8 অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অমৃত কলহ যাত্ৰাৰ লগত সংগতি ৰাখি দেওবাৰে ৰঙিয়াতো স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত পুৰুষ মহিলাসহ 76 মিটাৰ দৈৰ্ঘৰ ত্ৰিৰংগ পতাকা লৈ সমদল যাত্ৰা উলিয়ায় । সমদলৰ অন্তত ৰঙিয়া উন্নয়ন খণ্ডৰ সকলো পঞ্চায়তৰ মাটি সংগ্ৰহ কৰা হয় । সকলো পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা মাটিসমুহ সংমিশ্ৰণ কৰি দুটা কলহত ভৰোৱা হয় ।
ইয়াৰে এটা কলহ গহপুৰত নিৰ্মাণ হ’বলগীয়া কনকলতা উদ্যানলৈ পঠিয়াই দিয়া হ’ব আৰু এটা কলহ নতুন দিল্লীলৈ অমৃত ভাটিকা উদ্যান নিৰ্মাণৰ বাবে পঠিয়াই দিয়া হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই । এই কাৰ্যসূচীৰ অন্তত ৰঙিয়া সীতাৰাত এখন সভাৰ আয়োজন কৰে ।
এই সভাত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰঙিয়া উন্নয়ন খণ্ডৰ বিষয়া জয়ন্ত কলিতা, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপৰা দাস, উত্তৰ কামৰূপ জিলা বিজেপি সভাপতি সুবল পাল আদিকে ধৰি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা ৰঙিয়া তিনিআলিৰ সীতাৰা দৌল মন্দিৰলৈকে এই শোভাযাত্ৰা কৰা হয় ।
লগতে পঢ়ক:Rakhal Than in Barpeta: বৰপেটাৰ বিলৰতাৰীহাটীৰ ৰাখাল থানৰ নৱনিৰ্মিত তোৰণ মুকলি