Republic Day 2023: নলবাৰীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী অশোক সিংঘালৰ - ৭৪ সংখ্যক গণৰাজ্য দিৱস
নলবাৰী, 26 জানুৱাৰী: আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day observed)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাত জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ খেলপথাৰত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় (74th Republic Day observed in Nalbari)। এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে (Minister Ashok Singhal)।
ইয়াৰে পিছতে মন্ত্ৰীগৰাকীক আৰক্ষী, অৰ্ধ সামৰিক বাহিনীকে ধৰি ছাত্ৰ-ছাত্ৰীসকলে কুচকাৱাজৰ জৰিয়তে অভিবাদন জনায় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমক কয়, "আজি গণৰাজ্য দিৱসৰ উপলক্ষে নলবাৰী জিলাত পতাকা উত্তোলন কৰাৰ সৌভাগ্য হ’ল মোৰ ৷ মই গৌৰৱ অনুভৱ কৰিছো যে ঐতিহ্যমণ্ডিত এই জিলাখনত মই আজি পতাকা উত্তোলন কৰিলো ৷ মই এই ছেগতে সকলো অসমবাসীক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ লগতে আমি সংবিধানখন ৰক্ষা কৰাৰ সংকল্প গ্ৰহণ কৰিছো ৷ সংবিধান অনুসৰি সমাজখন আৰু চৰকাৰখন চলাবলৈ আমি আপ্ৰাণ চেষ্টা কৰিম ৷ সমগ্ৰ অসমবাসী ৰাইজক মই আহ্বান জনাইছো যে আহক আমাৰ মুখ্যমন্ত্ৰীক মজবুত কৰি তেওঁক সহযোগিতা আগবঢ়াও ৷"
ইফালে আজি অসমতো গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ পুৱা ৯ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ এইবাৰ ৰাজ্যপালৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰি ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায় (CM Himanta Biswa Sarma to hoist flag)। অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বত থকা অধ্যাপক জগদীশ মুখীয়ে (Governor Jagadish Mukhi) এইবাৰ নাগালেণ্ড চৰকাৰৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে ৷
ইফালে সমগ্ৰ ৰাজ্যখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ এই বিশেষ দিনটোত যাতে অসমৰ কোনো এটা প্ৰান্তত কূটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে, তাৰ বাবে আৰক্ষীয়ে বিগত দিনকেইটাত নিৰাপত্তা বেষ্টনি গঢ়ি অলপো সুৰুঙা নথকাকৈ প্ৰস্তুতি চলাইছিল ৷
লগতে পঢ়ক:Republic Day 2023: তিনিচুকীয়াত ৭৪তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ