অসম

assam

By

Published : Jan 26, 2023, 11:44 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Republic Day 2023: মাজুলী জিলা উপায়ুক্ত পুলক মহন্তই কাছাৰী মৈদানত উত্তোলন কৰে পতাকা

মাজুলী, 26জানুৱাৰী: গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ । কিয়নো এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল । ভাৰতৰ সংবিধানখন Constituent Assembly of India ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল । ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলতেই ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ ৰূপে পৰিগণিত হয় ৷ 

১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে আজিৰ দিনটো বাছনি কৰা হৈছিল । তাৰ পিছৰ পৰাই সমগ্ৰ দেশজুৰী ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছে দেশবাসীয়ে ৷ আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day) । অসমৰ প্ৰতিখন জিলাতে আয়োজন কৰা হৈছে গণৰাজ্য দিৱস (Republic Day celebration in Assam)। বিভিন্ন জিলাত চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে এই দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে ৷ মাজুলীতো উদযাপন কৰিছে গণৰাজ্য দিৱস ৷

মাজুলী কাছাৰী মৈদানত জিলা প্ৰশাসনৰ উদ্যোগত গৌৰৱোজ্জ্বল ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তই (Majuli DC Pulak Mahanta) জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্বহীদ তৰ্পণ কৰাৰ পাছতে গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰি ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে (Flag hoisting in Majuli) । ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত মাজুলী জিলাৰ উপায়ুক্ত গৰাকীয়ে মাজুলীৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে অৱগত কৰে (74th Republic Day celebrates in Majuli)।  

উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীতো গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন কৰা হৈছে (Republic Day celebrates in Delhi) । দেশ-বিদেশৰ বহু নেতাক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছিল । ইজিপ্তৰ ৰাষ্ট্ৰপতি এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি । ইফালে এইবাৰৰ পেৰেডত অসমৰ কামাখ্যা মন্দিৰ আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতীকপট পৰ্দৰ্শন কৰা হয় । ইতিমধ্যে এই গৌৰৱময় ক্ষণৰ সাক্ষী হ'ল সমগ্ৰ দেশৰ লগতে অসমৰ জনসাধাৰণো ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details