700 men and women join UPPL:বাক্সাৰ মুছলপুৰত UPPL দলত যোগদান ৭০০ পুৰুষ-মহিলাৰ
বাক্সা, ২১ জুলাই : শান্তি সম্প্ৰীতিৰ শ্ল’গান দিয়া ইউ.পি.পি.এল দলৰ প্ৰতি আকৃষ্ট হৈছে অধিকাংশ লোক । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোলৈ ঢাপলি মেলিছে বিপিএফ আৰু অন্যান্য দলৰ বহু লোক । মুছলপুৰ ব্লক ইউ.পি.পি.এলৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত হয় বিশাল যোগদান সমাৰোহ । বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৱৰ্তী অদালবাৰীত বিশাল যোগদান সমাৰোহ সভাৰ জৰিয়তে ৭০০ পুৰুষ মহিলাই ইউ.পি.পি.এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।
এই যোগদান কাৰ্যসূচীত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, নিলোৎ স্বৰ্গীয়াৰী, এম.চি.এল.এ মণ্টু বড়ো, ইউ.পি.পি.এলৰ কেন্দ্ৰীয় নেতা ৰাজু নাৰ্জাৰীৰ উপস্থিতিত নতুন সদস্যসকলক গামোচা আৰু আৰ’নাইৰে আদৰণি জনোৱা হয় । উক্ত কাৰ্যসূচীত উপস্থিত থাকি বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে মুছলপুৰ পৰিষদীয় সমষ্টিক সম্পূৰ্ণৰূপে বিপিএফ মুক্ত কৰিবলৈ সকলো লোক আগবাঢ়ি আহিছে ।