অসম

assam

বাঘৰ আক্ৰমণত নাবালকৰ মৃত্যু

ETV Bharat / videos

Leopard terror : বাঘৰ আক্ৰমণত নাবালকৰ মৃত্যু; নিৰুদ্বেগ ভূমিকাত বন বিভাগ - নামৰূপ সতীশপুৰ বাগানত শোকাৱহ ঘটনা

By

Published : Apr 25, 2023, 11:58 AM IST

নামৰূপ, ২৫ এপ্ৰিল : নামৰূপ সতীশপুৰ বাগানত শোকাৱহ ঘটনা ৷ বাঘৰ আক্ৰমণত মৃত্যু হ’ল এটি নাবালকৰ ৷ নামৰূপ আৰক্ষী থানাৰ অন্তৰ্গত সতীশপুৰ বাগানৰ ৫ নং লাইনৰ কাষত সোমবাৰে নিশা সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো । বাগানখনৰে এটা ৭ বছৰীয়া নাবালকক বাঘে আক্ৰমণ কৰে ৷ ফলত থিতাতে নিহত হয় নাবালকটো (Leopard killed boy at Namrup) ।

বিৱৰণি অনুসৰি, ঘাঁহ কাটি সোমবাৰে বিয়লি ঘৰলৈ উভতি অহাৰ পথতে বাঘৰ আক্ৰমণত নিহত হয় শিৱা কেওঁট নামৰ নাবালকটো । বিয়লি বহু পৰলৈকে ঘৰলৈ ঘূৰি নহাত চিন্তিত হৈ পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে ৷ তেতিয়াই পৰিয়ালৰ লোকে মৃত অৱস্থাত উদ্ধাৰ কৰে শিৱা কেওঁটক । আনহাতে, ঘটনাটো সন্দৰ্ভত চৰম দায়িত্বজ্ঞানহীনতা প্ৰদৰ্শন কৰিছে স্থানীয় বন বিভাগে । এই অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ৷

ভুক্তভোগী পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি, এই ঘটনা সংঘটিত হোৱাৰ ১২ ঘন্টা উকলি যোৱাৰ পিচতো কোনো কাণসাৰ নাই স্থানীয় বন বিভাগৰ । বাতৰি যুগুত কৰা পৰ্যন্ত ঘটনা সংঘটিত হোৱা স্থানত স্থানীয় বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাই বুলি জানিবলৈ দিয়ে স্থানীয় লোকে (Leopard terror at Namrup)।

উল্লেখযোগ্য যে, অঞ্চলটোত কেইবামাহ ধৰি বাঘে দিন দুপৰতে স্থানীয় ৰাইজৰ পশুধন মাৰি আতংকৰ সৃষ্টি কৰি আহিছিল । বাৰম্বাৰ খবৰ দিয়াৰ পিচতো বন বিভাগ তথা বাগিচা কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে বাগিচা কৰ্মীসকলে । যাৰ ফলত এনে ঘটনা সংঘটিত হ’বলৈ পালে ৷ সেয়ে শীঘ্ৰেই উক্ত স্থানত থকা বাঘকেইটা পিঞ্জৰাবদ্ধ কৰাৰ বাবে দাবী তুলিছে বাগিচা কৰ্মীসকলে ৷

লগতে পঢ়ক :Kedarnath latest news : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ; ভক্তৰ সীমাহীন ভিৰ

ABOUT THE AUTHOR

...view details