City police raids SPA Salon : মহানগৰীৰ একাংশ স্পা চেলুনত কি চলে ? - Raid SPA Salon at Noonmati
গুৱাহাটী,13 জুন: স্পাৰ নামত মহানগৰীৰ একাংশ স্পা চেলুনত কি চলে ? ব’ডি মাছাজৰ নামত যৌনতাৰ বেহা চলে নেকি ! এই সমূহ কথা চলি থকাৰ মাজতে গুৱাহাটী মহানগৰীত অবৈধ স্পা চেলুনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে সন্ধিয়া ৭.৩০ বজাত মহানগৰ আৰক্ষীৰ দল এটাই নুনমাটি আৰক্ষীৰ সহযোগত অভিযান চলায় ৷ নুনমাটি চিটি কো-অপাৰেটিভ বেংকৰ সমীপত থকা Lucky hair Beauty spa salon ত অভিযান চলায় দলটোৱে । আৰক্ষীৰ অভিযানৰ সময়ত স্পা চেলুনখনত অসংযত অৱস্থাত উদ্ধাৰ কৰা হয় চাৰি গৰাকী যুৱতীসহ তিনি যুৱকক ৷ দীৰ্ঘদিনৰ পৰা স্পা চেলুনখনত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ আছে । এই অভিযানৰ নেতৃত্ব দিয়ে মহানগৰ আৰক্ষীৰ ADCP নন্দিনী কাকতি আৰু নুনমাটি সংমণ্ডল এ চি পি নিলোৎপল ডেকাই ।
লগতে পঢ়ক:Man elephant conflict: হোটেলত মিঠাইৰ সোৱাদ ল’লে গজৰাজে