অসম

assam

যোৰহাটত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

ETV Bharat / videos

Sankardev sangha annual conference : যোৰহাটত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন - Sankardev sangha annual conference

By

Published : Feb 3, 2023, 7:18 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

যোৰহাট,৩ ফেব্ৰুৱাৰী :যোৰহাটৰ শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশ । আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত । কিয়নো শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশন (68th Sankardev sangha annual conference in Jorhat)।

উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ সহযোগত শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰ, এলেংমৰা খুটিয়া পোটা চাৰিআলিৰ ঐতিহাসিক দেউৰী পথাৰত এই অধিৱেশনক লৈ অঞ্চলটোৰ ভকত-বৈষ্ণৱৰ মাজত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । জানিব পৰা মতে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ভকত-বৈষ্ণৱসকলৰ দান বৰঙণিৰে ২৫ লাখ টকা বাজেটেৰে আয়োজন কৰা হৈছে ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশন (Sankardev sangha annual conference)।

অধিৱেশনস্থলীত গ্ৰন্থ উৎসৱৰ লগতে নিশালৈ ১১ খনকৈ অংকীয়া নাট প্ৰদৰ্শন কৰাৰ হ'ব । আনহাতে ৪ ফেব্ৰুৱাৰীত হ'বলগা অধিৱেশনৰ মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাক উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাই "বাগীশ ৰত্ন" উপাধি প্ৰদান কৰিব ।

উল্লেখ্য যে উত্তৰ পশ্চিম যোৰহাট এলেংমৰাৰ খুটিয়া পোটাৰ ঐতিহাসিক শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সম্বন্বয় ক্ষেত্ৰৰ দেউৰী পথাৰৰ উক্ত অঞ্চলটো দেউৰী ,মিছিং, নেপালী, মটক আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বাস কৰে । যাৰ বাবে জিলাখনৰ ভিতৰতে সেই অঞ্চলটোৰ এক সুকীয়া স্থান আছে । ইফালে সকলো জাতি-জনগোষ্ঠীৰ লোকসকলে শংকৰদেৱ সঙ্ঘৰ এই জিলা অধিৱেশন সাফল্য মণ্ডিত কৰি তুলিবলৈ একাত্মভাবে কাম কৰি আহিছে ।

ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকল আহি অধিৱেশনস্থলীত সমৱেত হৈছে । ঐতিহাসিক দেউৰীৰ পথাৰ শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সম্বন্ধয় ক্ষেত্ৰস্থলীত ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকলৰ ভক্তি বন্দনাৰে মুখৰিত হৈ পৰিছে । ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱ আৰু আই-মাতৃৰ লগতে ভক্তপ্ৰাণ ৰাইজক আতিথ্যৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যোক্তাই ।

লগতে পঢ়ক :Srimanta Sankardev sangha annual conference: ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে সাজু যোৰহাটবাসী

Last Updated : Feb 3, 2023, 8:40 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details