অসম

assam

ETV Bharat / videos

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন - 65 years died in accident at Manikpur

By

Published : Aug 23, 2022, 11:31 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

সৰভোগ থানাৰ অন্তৰ্গত কিছমৎদ্বাৰিকা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়((Road Accident at Manikpur) ৷ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিছমৎদ্বাৰিকা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা ৫.৩০ মান বজাত ভয়ংকৰ সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় কিছমৎদ্বাৰিকাৰ নগৰবাসী বৰ্মন (65)(one died in road accident)৷ অন্য দিনাৰ আজিও প্ৰাত:ভ্ৰমণ শেষ কৰি পথৰ মাজৰ ডিভাইদাৰত জিৰণি লৈ আছিল বৰ্মনে ৷ সেই সময়তে বৰপেটা দিশৰ পৰা অহা এখন ট্ৰাকে ডিভাইদাৰৰ ওপৰেৰে গাড়ী উঠাই দূৰ্ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে যদিও স্থানীয় ৰাইজে পিছে পিছে খেদি গৈ বিজনী দহলাপাৰা টোলগেটত ট্ৰাকখন ধৰিবলৈ সক্ষম হয় । দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ HR 38 - X-6355 ৷ ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details