উদুলি মদুলি যোৰহাটৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষেত্ৰ - Jorhat News
Published : Jan 7, 2024, 2:23 PM IST
যোৰহাট,৭ জানুৱাৰী: বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫ জানুৱাৰীৰ পৰা আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটত আৰম্ভ হৈছে সদৌ অসম আহোম সভাৰ ৬৩ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন । সদৌ অসম আহোম সভাৰ যোৰহাট জিলা সমিতিৰ আতিথ্যত পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষেত্ৰ, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনখনিৰ আজি শেষৰ দিন । শেষৰ দিনটোত অধিৱেশেনস্থলীৰ পৰা যোৰহাট নগৰৰ মাজেৰে উলিওৱা হয় এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ।
সদৌ অসম আহোম সভাৰ বৃহৎ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে । দেওবাৰে সভাৰ অধিৱেশনস্থলীত স্মৃতি গ্ৰন্থ ছঙ ছু কাত্ শুভ উন্মোচন কৰা হয় । সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় অধিৱেনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল অহাত সৃষ্টি হৈছে এক উদুলি-মুদুলি পৰিৱেশৰ ।
আনহাতে অধিৱেশেনৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰ নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত কুসুম কৈলাশ, প্ৰসেনজিত লাহনকে আদি কৰি জনপ্ৰিয় শিল্পীসকলৰ গীতৰ অনুষ্ঠানে নিশাটো জীপাল কৰি তোলে । নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়া শুভ উদ্বোধন কৰে বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক জাহ্নু বৰুৱাই ।
লগতে পঢ়ক:এইবাৰ আমি চৰকাৰ নহয়, মালিকৰ বিৰুদ্ধে আন্দোলন কৰিম- ৰূপম দত্ত