অসম

assam

Birth anniversary of Parag Kumar Das : পৰাগ কুমাৰ দাসলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

By

Published : Feb 24, 2023, 4:32 PM IST

পৰাগ কুমাৰ দাসক স্মৰণ

নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰী : পৰাগ কুমাৰ দাস । আজি পৰাগ কুমাৰ দাসৰ জন্মবাৰ্ষিকী (Birth anniversary of Parag Kumar Das) ৷ 1961 চনৰ আজিৰ দিনটোতেই শ্বিলঙত জন্মগ্ৰহণ কৰিছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদকগৰাকীয়ে (Parag Kumar Das former editor of Asomiya Pratidin) ৷

পৰাগ কুমাৰ দাসৰ আদৰ্শ আৰু তেওঁৰ মহান ব্যক্তিত্ব সদায় চিৰস্মৰণীয় ৷ আজিৰ এই বিশেষ দিনটোত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰয়াত সাংবাদিকগৰাকীক (Tribute to Parag Kumar Das) ৷ উল্লেখ্য যে, 1996 চনত দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিয়া অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক উজ্বল নক্ষত্ৰ আছিল পৰাগ কুমাৰ দাস ।

অশান্ত জৰ্জৰ এক ভয়াৱহ পৰিস্থিতিৰ মাজত এক বলিষ্ঠ কণ্ঠ হিচাপে মূৰ দাঙি উঠা সাংবাদিক পৰাগ কুমাৰ দাসৰ বিষয়ে নজনা মানুহ হয়তো খুব কমেই ওলাব ৷ অকল সাংবাদিক হিচাপেই নহয়, এগৰাকী শক্তিশালী লেখক হিচাপেও তেখেতে দাঙি ধৰিছিল নিজৰ অসাধাৰণ ব্যক্তিত্ব ৷

ছাংলট, ফেনলাকে ধৰি তেখেতৰ কেইবাখনো গ্ৰন্থ তথা বুধবাৰ, আগানকে ধৰি বিভিন্ন সংবাদপত্ৰৰ মাধ্যমেৰে তেখেতে যি এক আপোচবিহীন মতাদৰ্শ দাঙি ধৰিছিল ৷ তাৰ বাবে তেখেতে এদিন অকালতে আততায়ীৰ হাতত প্ৰাণ দিবলগীয়াও হৈছিল ৷ কিন্তু অতি কমদিনৰ ভিতৰতে তেখেতে সৰ্ব-সাধাৰণ মানুহৰ মনত যি সাঁচ বহুৱাই থৈ গ’ল সেয়া সঁচাকৈয়ে অতুলনীয় আৰু অভাৱনীয় ৷

তেখেতৰ 62 বছৰীয়া জন্মদিন উপলক্ষে জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ জন্মদিন উদযাপন তথা পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ, অসমৰ বাৰ্ষিক অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা চিত্ৰশিল্পী দেৱব্ৰত মহন্তই পৰাগ কুমাৰ দাসৰ চিন্তা-চেতনা, আদৰ্শক ৰং, তুলিকাৰে কেনভাচ সজাইছে ৷ যিসমূহ চিত্ৰত প্ৰতিফলিত হৈছে পৰাগ কুমাৰ দাসৰ অদম্য সাহস আৰু ত্যাগৰ প্ৰতীক চিহ্নসমূহ ৷

ইফালে বিদেশৰ বহু চিত্ৰ প্ৰদৰ্শনীত চিত্ৰ প্ৰদৰ্শিত কৰাৰ লগতে কেইবাখনো বিদেশৰ চিত্ৰ প্ৰতিযোগিতাত পুৰষ্কাৰ পাবলৈ সক্ষম হোৱা বিশিষ্ট চিত্ৰশিল্পী দেৱব্ৰত মহন্তৰ এই কৰ্মক এতিয়া শলাগ জনাইছে প্ৰতিগৰাকী অসমীয়াই ৷

লগতে পঢ়ক :Assam Taekwondo coach died: হায়দৰাবাদত পথ দুৰ্ঘটনাত টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ মৃত্যু

ABOUT THE AUTHOR

...view details