অসম

assam

By

Published : Jul 13, 2022, 7:40 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / videos

গুৱাহাটীত ভানু জয়ন্তী উৎসৱ উদযাপন

মহানগৰীৰ বীৰকুছিত বুধবাৰে ৫১ সংখ্যক ভানু জয়ন্তী উৎসৱ উদযাপন কৰা হয় (51st Bhanu Jayanti Festival at Guwahati)। দক্ষিণ-পূৱ গুৱাহাটী ভানু জয়ন্তী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ আৰম্ভণিতে বীৰকুছিৰ পৰা নাৰেংগী হৈ বোন্দালৈ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই (Dispur MLA inaugurates cultural procession of Bhanu Jayanti Festival)। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি বিধায়ক অতুল বৰাই আদি কবি ভানুৰ গোৰ্খা সম্প্ৰদায়ৰ ভাষা-সংস্কৃতি তথা সামাজিক জীৱনৰ প্ৰতি মহান মনীষী গৰাকীৰ অৱদানৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গোৰ্খা সম্প্ৰদায়ৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে । তাৰোপৰি অসমীয়া-নেপালী সাংস্কৃতিক আৰু সাহিত্য কেন্দ্ৰ স্থাপনৰ বাবে পাঁচ বিঘা মাটি মহানগৰীৰ ৰামসিং চাপৰিত ৰাজ্য চৰকাৰে আবন্টন দিছে বুলিও সমাৰোহত উল্লেখ কৰে বিধায়ক অতুল বৰাই । উল্লেখ্য যে এই অনুষ্ঠানত দিশপুৰ সমষ্টিৰ বিজেপি দলৰ প্ৰভাৰী দুৰ্গা শৰ্মা, কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ দিলীপ তাৰো, অসম গোৰ্খা সন্মিলনৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details