অসম

assam

500 তম সতী সাধনীৰ স্মৃতি দিৱসটি উদযাপন

ETV Bharat / videos

Sati Sadhani Day 2023 : ধেমাজিৰ মাছখোৱাত বৰ্ণিল কাৰ্যসূচীৰে সতী সাধনী দিৱস উদযাপন - সতী সাধনী দিৱস উদযাপন

By

Published : Apr 21, 2023, 8:59 PM IST

ধেমাজি, 21 এপ্ৰিল :সাত ব’হাগৰ দিনটোত ৰাজ্যবাসীয়ে সুঁৱৰিছে চুতীয়াসকলৰ বীৰাংগনা মহিয়সী নাৰী সতী সাধনীক ৷ ধেমাজি জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন আৰু চুতীয়া জাতিৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মাছখোৱা আঞ্চলিক চুতীয়া জাতিৰ সন্মিলনৰ সহযোগত আজি অৰ্থাৎ শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে বেঙেনাগড়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত 500 তম সতী সাধনীৰ স্মৃতি দিৱসটি উদযাপন কৰা হয় (500th Sati Sadhani Day celebrate in Dhemaji)।

পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন কৰাৰ পিচতে বিভিন্ন জাতি জনগোষ্ঠীৰ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Sati Sadhani Day 2023) ৷ ইপিনে সতী সাধনীৰ পৱিত্ৰ দিৱসৰ দিনাই ছয় জনগোষ্ঠীৰ লগত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চুতীয়াসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত নিকৃষ্ট ভূমিকা গ্ৰহণ কৰি মিথ্যাচাৰ আশ্ৰয় লোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৷

লগতে কেৱল নিৰ্বাচনৰ সময়তহে জনগোষ্ঠীৰ ৰাইজক মিছা প্ৰতিশ্ৰুতি দি তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি চৰকাৰক ভৎসনা কৰে আয়োজকসকলে ৷ ইয়াৰ উপৰিও চুতীয়া জাতি উন্নয়ন পৰিষদে জাতিটোৰ বিকাশত পলায়নবাদী ভূমিকা লোৱাৰো অভিযোগ উত্থাপন কৰে উদ্যোক্তাসকলে ৷

লগতে পঢ়ক :Sati Sadhani Award : বিজ্ঞানী ড৹ জয়ন্তী চুতীয়াক প্ৰদান কৰা হ’ব সতি-সাধিনী বঁটা

ABOUT THE AUTHOR

...view details