পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ: এদিন পলম হ’লেই ৫০০ টকা জৰিমনা - মেচাৰ্চ পি বৰুৱা ইয়েট অট ইমিচন টেষ্টিং চেণ্টাৰ
নিতৌ ন ন আইন প্ৰণয়ন কৰি ৰাইজক ন ন কৰৰ বোজা জাপি দিয়াক লৈ চৰকাৰৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ শেহতিয়াকৈ ২৫ জুন তাৰিখৰ পৰা পৰিবহণ বিভাগে যান-বাহনৰ প্ৰদূষণৰ অন্তিম দিন এদিন উকলি গলেই ৫০০ টকা জৰিমনা বিহাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জামুগুৰিহাটত (deadline for vehicle pollution) । শুকুৰবাৰে জামুগুৰিহাটস্থিত চৰকাৰী অনুমোদনপ্ৰাপ্ত মেচাৰ্চ পি বৰুৱা ইয়েট অট’ ইমিচন টেষ্টিং চেণ্টাৰলৈ প্ৰদূষণৰ প্ৰমাণ পত্ৰৰ বাবে আহিছিল গ্ৰাহক ৷ কিন্তু কোনো জাননী অবিহনে পৰিবহণ বিভাগে এটা দিন উকলি গলেই ৫০০ টকা জৰিমনা ধাৰ্য কৰাক লৈ গ্ৰাহক সকলে প্ৰদূষণ চেন্টাৰটোৰ স্বতাধিকাৰীৰ লগতো বাক বিতণ্ডাত লিপ্ত হয় ৷ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে গ্ৰাহকসকল ৷
Last Updated : Feb 3, 2023, 8:24 PM IST