Ayurvedic Hospital in Majuli: দুৰ্গাপূজাৰ পূৰ্বে মাজুলীবাসীৰ বাবে নতুন উপহাৰ - Minister Keshab Mahanta
Published : Oct 7, 2023, 6:35 PM IST
মাজুলী, 7 অক্টোবৰ: পয়ালগা মাজুলীৰ স্বাস্থ্য খণ্ডলৈ নতুন আশাৰ ৰেঙনি ৷ শনিবাৰে 50 খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মাজুলী শ্ৰীৰাম চাপৰি অঞ্চলত নিৰ্মাণ কৰা হৈছে 50 খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন ৷
উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা আৰু সাংসদ তপন কুমাৰ গগৈ ।
আনহাতে মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে মাজুলীৰ শ্ৰীৰাম চাপৰিত আয়ুৰ্বেদিক চিকিৎসালয়খন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আজি চিকিৎসালয়খন উদ্বোধন কৰি ভাষণ প্ৰসংগত মন্ত্ৰী সোণোৱালে কয়, ‘‘50 খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খনে মাজুলীবাসীক চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব ৷ বিগত 60-70 বছৰে স্বাস্থ্যখণ্ডৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়া নাছিল ৷ কিন্তু মোদী চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে ৷’’