কাজিৰঙাত বাঘ হত্যাৰ ঘটনাত জড়িত ৫ জনক গ্ৰেপ্তাৰ
কাজিৰঙাৰ ব্যাঘ্ৰ প্ৰকল্প এলেকাত(Kaziranga Tiger reserve) বাঘৰ মৃত্যুৰ নতুন তথ্য উদঘাটন উদ্যান কৰ্তৃপক্ষৰ । শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া 1 নং শিলডুবি এলেকাৰ ৯ গৰাকী লোকক বন বিভাগে বাঘ নিধন কৰাৰ সন্দেহত আটক কৰি অনাৰ পাছত শনিবাৰে বিয়লি ৫ জন লোকক গ্ৰেপ্তাৰ কৰে (Tiger killer arrested at Kaziranga)। গ্ৰেপ্তাৰ কৰা লোককেইজন হ’ল- শ্যামল শুক্লবৈদ্য, হীৰা মুণ্ডা, জয়ৰাম চাওঁৰা, সঞ্জয় চাওঁৰা আৰু ৰাজেশ গোৱালা ৷ উল্লেখ্য, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে উদ্যানৰ দাঁতিত এটা বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু বাঘটো বিষক্ৰিয়াৰ দ্বাৰা হত্যা হোৱা বুলি বনবিভাগে স্পষ্ট কৰিছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST