অসম

assam

SFI Protest

ETV Bharat / videos

SFI Protest : ছেবাৰ বিৰুদ্ধে এছএফআইৰ আমৰণ অনশন, চতুৰ্থ দিনত অসুস্থ কেইবাজনো অনশনকাৰী

By

Published : Mar 24, 2023, 10:06 AM IST

গুৱাহাটী, ২৪ মাৰ্চ :ছেবাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী তুলি ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ (SFI protest against HSLC paper leak) অসম ৰাজ্যিক সমিতিয়ে যোৱা ২০ মাৰ্চৰ পৰা আৰম্ভ কৰা অনশন কাৰ্যসূচীয়ে বৃহস্পতিবাৰে চাৰিদিন সম্পূৰ্ণ কৰে ।

ছেবাৰ অধ্যক্ষ, সচিব আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগ (SFI demanding resignation of Ranoj Pegu) আৰু এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত কমিটী গঠন কৰি সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা, নাৰায়ণপুৰৰ ধলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অনতিপলমে নিলম্বন কৰাৰ দাবীত অব্যাহত ৰাখিছে অনশন কাৰ্যসূচী (SFI protest against SEBA) ।

শিক্ষা বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বেমেজালি তথা দীৰ্ঘদিন ধৰি ক্ৰমাগতভাৱে জাতীয় অনুষ্ঠান ছেবাক ধ্বংস কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে এছএফআই,অসম ৰাজ্যিক সমিতিয়ে ৰূপায়ণ কৰা আমৰণ অনশন কাৰ্যসূচীৰ মাজতে তিনিগৰাকী (Student Federation of India Assam State Committee) অনশনকাৰী ক্ৰমে এছএফআইৰ ৰাজ্যিক সভাপতি হৰ্ষজিৎ দাস, দেৱান ইফতিকাৰ হুছেইন আৰু মাইনুল হক তালুকদাৰৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে । ইয়াৰ পিছতো কিন্তু চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানিবলৈ অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক :Assam Higher Education Department : ৰাজ্যৰ মহাবিদ্যালয়সমূহত নিযুক্তি বন্ধৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details