অসম

assam

Monkeys died : একেলগে ৪০ টা বান্দৰৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

By

Published : Oct 25, 2022, 8:23 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

একেলগে ৪০ টাতকৈও অধিক বান্দৰৰ মৃত্যু (40 monkeys died at a place) । মৃত বান্দৰকেইটা ৰাস্তাৰ কাষত পেলাই থোৱা হৈছিল । আনহাতে, কেইজনমান যুৱকে ওচৰৰ এখন বাগিচাত আৰু কিছু বান্দৰ অচেতন অৱস্থাত (monkeys lying unconscious road side) পৰি থকা দেখা পায় । লগে লগে তেওঁলোকে সিহঁতক বিস্কুট, ৰুটী আৰু পানী আগবঢ়ায় । অৱশ্যে বান্দৰকেইটাক খাদ্যত বিষ মিহলাই হত্যা কৰা হৈছে নে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই । ঘটনাটো ঘটিছে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ শিলাগামৰ ওচৰৰ জগন্না কলনীত (40 monkeys died in Andhra Pradesh) । মৃত বান্দৰকেইটা এটা জাবৰৰ স্তূপত পেলাই দিয়া হৈছিল । অৱশ্যে বান্দৰকেইটা সেইফালে কিয় আহিছিল আৰু কোনে তেওঁলোকক হত্যা কৰিছিল সেই বিষয়ে কোনো স্পষ্ট উত্তৰ লাভ কৰা হোৱা নাই । আনহাতে, স্থানীয় লোকসকলে এই ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে । যিয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে তাৰ কঠোৰ শাস্তি দাবী কৰিছে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details