অসম

assam

ৰাষ্ট্ৰীয় ঘাইপথত তিনিখন বাহনৰ মুখামুখি সংঘৰ্ষ

By

Published : Jul 24, 2023, 3:45 PM IST

Updated : Jul 24, 2023, 5:56 PM IST

ETV Bharat / videos

Triple vehicle accident: ৰাষ্ট্ৰীয় ঘাইপথত তিনিখন বাহনৰ মুখামুখি সংঘৰ্ষ, 4 আহত

মাণিকপুৰ, 24 জুলাই :বঙাইগাঁও জিলাৰ মাণিকপুৰৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ তিনিখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত 4 জন আহত হৈছে ৷ ইয়াৰে এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ৷  

জানিব পৰামতে AS 19 M 3066 নম্বৰৰ চাৰিচকীয়া বাহন আৰু JK 02CD 8203 ট্ৰাকৰ মুখামুখি সংঘৰ্ষ সংঘটিত হোৱাৰ পিচত AS 16 J 5055 নম্বৰৰ গাড়ীত খুন্দিয়াই দুৰ্ঘটনা সংঘটিত কৰে ৷ দুৰ্ঘটনাৰ ফলত চাৰিচকীয়া বাহনখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তললৈ বাগৰি পৰে ৷ দুৰ্ঘটনাত আহত 4 জন লোকৰ এজন গুৰুতৰভাৱে আহত হয় ৷ আহতসকলক ততাতৈয়াকৈ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে ৷ ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷  

উল্লেখ্য যে, মাণিকপুৰ তিনিআলিত উৰণ সেঁতু নিৰ্মাণৰ কাম চলি থকাৰ বাবে ওৱান ৱে পথেৰে গাড়ীসমূহ অহা-যোৱা কৰিবলগীয়া হোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ এই ক্ষেত্ৰত বঙাইগাঁও পথ সুৰক্ষা সমিতিয়ে চকুমুদা কলিৰ ভাও ধৰিছে ৷ 

লগতে পঢ়ক:ASI Survey of Gyanvapi Mosque Complex : জ্ঞানবাপী মছজিদ চৌহদৰ জৰীপত ২৬ জুলাইলৈকে স্থগিতাদেশ ছুপ্ৰিম কোৰ্টৰ

Last Updated : Jul 24, 2023, 5:56 PM IST

ABOUT THE AUTHOR

...view details