অসম

assam

পুনৰ সাপেখাতীত বনৰীয়া কাঠফুলা ভক্ষণ কৰি অসুস্থ চাৰিগৰাকী

By

Published : May 27, 2023, 10:03 PM IST

ETV Bharat / videos

Wild mushroom havoc: পুনৰ সাপেখাতীত বনৰীয়া কাঠফুলা ভক্ষণ কৰি অসুস্থ চাৰিগৰাকী

মৰাণ, 27 মে’: চৰাইদেউৰ সাপেখাতীত পুনৰ বনৰীয়া কাঠফুলা ভক্ষণ কৰি অসুস্থ হ'ল চাৰিগৰাকী লোক (Wild mushroom havoc)৷ সাপেখাতীৰ পশ্চিম নলবৰীয়াত সংঘটিত হৈছে এই ঘটনা । সম্প্ৰতি অসুস্থকেইজনক চিকিৎসা প্ৰদান কৰি থকা হৈছে (4 ill after eating wild mushrooms) ৷ অসুস্থ লোককেইজন ক্ৰমে কামিং তামাং (৬৫), জাগু হেমৰম (৩৮) , ধনদ'ল ভূমিজ (৪৮) আৰু দিপাং তামাং (৩৫) বুলি জানিব পৰা গৈছে ৷ কামিং তামাঙক (৬৫) বৰ্তমান সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাৰ লগতে জাগু হেমৰম (৩৮) , ধনদ'ল ভূমিজ (৪৮) আৰু দিপাং তামাঙক(৩৫) ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷ আটাইকেইগৰাকী লোকে অত্যধিক শৌচ, বমিত আক্ৰান্ত হৈছিল ৷  

উল্লেখযোগ্য যে দুটা দিনৰ পুৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল চৰাইদেউ জিলাৰ সাপেখাতীত। বনৰীয়া কাঠফুলা খাই অসুস্থ হৈছিল ১৩ গৰাকী লোক । অসুস্থ আটাইকেইগৰাকী লোক সাপেখাতী কুঁৱৰী পথাৰ আৰু বগাবাঘ অঞ্চলৰ আছিল । বৰ্তমানেও সেইসকল লোক অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । 

লগতে পঢ়ক:Theft for marriage: হাতত বিয়াৰ জেতুকা; উপহাৰ আৰক্ষীৰ হেণ্ডকাফ

ABOUT THE AUTHOR

...view details