অসম

assam

নেলীত সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশন আয়োজন

ETV Bharat / videos

34th foundation Day: নেলীত সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশন আয়োজন - ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

By

Published : Feb 22, 2023, 10:49 PM IST

মৰিগাঁও, 22 ফেব্ৰুৱাৰী:মৰিগাঁৱত 5 দিনীয়া কাৰ্যসূচীৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশন (11th Biennial General Session) তথা ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস (34th foundation Day) আয়োজন কৰা হৈছে ৷ অহা 23 ফেব্ৰুৱাৰী তথা বৃহস্পতিবাৰে পাঁচ দিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ নেলীৰ ঐতিহাসিক নৰচিং দেউৰজা সমন্বয় ক্ষেত্ৰত এই বাৰেৰহনীয়া অধিৱেশন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ এই অধিৱেশন সাফল্য মণ্ডিত কৰাৰ বাবে প্ৰায় নব্বৈ শতাংশ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অন্তত সংবাদমেল সংম্বোধন কৰি সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ কামনা কৰিছে আদৰণি সমিতিয়ে ৷  

আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বাবুল পাটৰ আৰু সম্পাদক অনুপ দাৰফাঙে সদৰী কৰা তথ্য মতে কাইলৈ পুৱা সাত বজাত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ, মূল তোৰণ উন্মোচন, প্ৰতিনিধি শিবিৰ দুৱাৰ মুকলি কাৰ্যসূচী হাতত লোৱা হৈছে ৷ আনহাতে সন্ধিয়া প্ৰতিনিধি শিবিৰ মুকলি, সন্ধিয়া প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব (All Tiwa Students Union) ৷

অহা ২৪ ফেব্ৰুৱাৰীত তিৱা সাংস্কৃতিক দলৰ লগতে বড়ো, ৰাভা, কাৰ্বি, নেপালী, শংকৰী কলা কৃষ্টি, নাগাৰা নাম, জিকিৰ জাৰি, আদিবাসী, আহোমকে ধৰি ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে সাংস্কৃতিক শোভাযাত্ৰাত অংশ ল’ব ৷ ইয়াৰে সমান্তৰালকে মধ্য অসমৰ সোতৰ গৰাকী প্ৰতীকি ৰজাৰ ৰাজ্যৰ ৰজাদিনীয়া অস্ত্ৰ-শস্ত্ৰ, মুখা আদি লৈ সাংস্কৃতিক শোভাযাত্ৰাত ভাগ লোৱা হ’ব ৷  ইয়াৰ পিছতে অনুষ্ঠিত কৰা হ'ব মুকলি সভা ৷ এই মুকলি সভাত  প্ৰায় 30 হাজাৰ ৰাইজে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোগক সমিতিয়ে ৷ নিশা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান ৷  

আনহাতে, পৰৱৰ্তী ২৫ ফেব্ৰুৱাৰীৰ নিশা অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান ৷ এই সাংস্কৃতিক সন্ধিয়াত সকলো ৰাইজকে শান্তি শৃংখলাৰ বজাই ৰাখি জুবিন গাৰ্গৰ গীতৰ শৰাই উপভোগ কৰাৰ বাবে কাৰ্যকৰী সভাপতি বাবুল পাটৰে আহবান জনাইছে ৷ 

লগতে পঢ়ক:Apurba Bhattacharya criticized AIUDF: আজমল বাহিনীক তুলাধুনা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ

ABOUT THE AUTHOR

...view details