অসম

assam

ETV Bharat / videos

Cattle syndicate : বিহালীত দুই সৰবৰাহকাৰীসহ ৩২ টাকৈ গৰু জব্দ - Cattle syndicate in Assam

By

Published : Dec 29, 2022, 10:03 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে গৰু ছিণ্ডিকেট চক্ৰ (Cattle syndicate in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে গৰু, ম'হ আদিৰ অবৈধভাৱে সৰবৰাহ হৈ আছে । ইফালে আৰক্ষী আৰু প্ৰশাসনো এই ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে কঠোৰ হৈছে । বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে বহু চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এইবাৰ বিশ্বনাথ জিলাৰ বিহালীত আৰক্ষীৰ অভিযান জব্দ ৩২ টাকৈ গৰু (Cow seized in Behali)। মঙলবাৰে নিশা প্ৰায় ১১ মান বজাত বিহালী সমষ্টিৰ বৰগাং আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকা অৱস্থাতে এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । ট্ৰাকখনৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা ৩২ টাকৈ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে । লগতে দুজন লোককো আটক কৰে আৰক্ষীয়ে (Cattle smuggler detained in Behali)। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS-25-CC-8307 (Truck seized with cattle)। জানিব পৰা মতে গৰুভৰ্তি ট্ৰাকখন গহপুৰৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল । আৰক্ষীয়ে আটক কৰা লোক দুজন ক্ৰমে ৰিংকু আলী আৰু মনোৰুদ্দিন আলী ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details