চাংসাৰীত তিনি ডকাইতক গ্ৰেপ্তাৰ - Mayur Mil dacoity case
১১ আগষ্টত কামৰূপ জিলাৰ চাংসাৰীত সংঘটিত ডকাইতি কাণ্ডত (Robbery at Mayur Mill in Changsari) জড়িত তিনিটাকৈ ডকাইতক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । চাংসাৰী আৰক্ষীয়ে অনুসন্ধান চলাই বৰপেটাৰ পৰা মমতাজ আলী, জালুকবাৰীৰ পৰা চবৰেজ আলী আৰু বীৰেন ডেকা নামৰ তিনিটা ডকাইতক আটক কৰিবলৈ সক্ষম হৈছে (3 robbers arrested in Changsari)। অৱশ্যে এতিয়ালৈকে ধনখিনি উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে । পলাতক বাকী ২ টা ডকাইত । উল্লেখ্য যে চাংসাৰীস্থিত ময়ূৰ মিলটোৰ কৰ্মচাৰীৰ পৰা যোৱা ১১ আগষ্টত প্ৰায় ১২ লাখ টকা লুটি নিছিল ডকাইতৰ দলটোৱে (Mayur Mil dacoity case)। জানিব পৰা মতে খাকী পোছাকত আহিছিল ৫ জনীয়া ডকাইতৰ দলটো । আৰক্ষীয়ে ডকাইত কেইটাৰ সন্ধানত বিভিন্ন স্থানত অভিযান চলাই অৱশেষত অভিযুক্ত ৩ ডকাইতক আটক কৰে । কিন্তু ৰহস্যজনকভাৱে চাংসাৰী আৰক্ষীয়ে সম্পূৰ্ণ বিষয়টোক গাপ দিয়াৰ চেষ্টা কৰিছে । সংবাদমাধ্যমক কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰাও বিৰত আছে আৰক্ষী ।
Last Updated : Feb 3, 2023, 8:26 PM IST