অসম

assam

Cow Smuggler detained: গৰু সৰবৰাহকাৰীসহ তিনিখন বিলাসী বাহন জব্দ

By

Published : Apr 12, 2023, 10:55 PM IST

গৰু সৰবৰাহকাৰীসহ তিনিখন বিলাসী বাহন জব্দ

ধেমাজি, 12 এপ্ৰিল:ৰঙালী বিহুৰ প্ৰাকক্ষণত ধেমাজি আৰক্ষীৰ বৃহৎ সফলতা ৷ মঙলবাৰে ধেমাজি আৰক্ষীয়ে চিচিবৰগাঁৱৰ আৰক্ষী চকীৰ অধীনৰ বগীবিল পথৰ ডাম্বুক অঞ্চলত নাকা তালাচী চলাই গৰু ক্ৰয় কৰিবলৈ অহা 9 জন লোকক আটক কৰিবলৈ সক্ষম হয় (Cow Smuggler detained)৷ বুধবাৰে এই সন্দৰ্ভত ধেমাজি সদৰত অতিৰিক্ত আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজন শিৱসাগৰ জিলাৰ ৷ তেওঁলোকৰ পৰা নগদ 27 লাখ 50 হাজাৰ টকা জব্দ কৰাৰ লগতে 3 খনকৈ বিলাসী গাড়ীও জব্দ কৰে আৰক্ষীয়ে (Dhemaji police seized 3 luxury cars) ৷ 

গাড়ীকেইখনৰ নম্বৰ হৈছে চুইফট AS04N2555, টাটা বাহন AS04V6936 আৰু এখন wagoner AS02P0373 ৷ ধৃত ব্যক্তিকেইজন হৈছে আব্দুল ৰহিম, হেকিম আলী, হাবিবুৰ ৰহমান, বিপুল আলি, গিয়াচুদ্দিন, নেকিব আলী, মকিবুৰ ৰেহমান, আলতাফ হুছেইন, মৃদুল আলী (9 smugglers detained) ৷  

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা দুষ্ট চক্ৰই গৰু সৰবৰাহ কৰি অহাৰ তথ্য লাভ কৰি আহিছিল আৰক্ষীয়ে ৷ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই গৰুভৰ্তি ট্ৰাক জব্দ কৰি আহিছে যদিও এইবেলি গৰুৰ পৰিৱৰ্তে এই চক্ৰৰ 9 গৰাকী মাষ্টাৰ মাইণ্ডসহ নগদ ধন আৰু বিলাহী বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে পঢ়ক:Fraudster Arrested: কলগাছিয়াৰ বামুনটাৰীত বাইক ক্ৰয় কৰা তিনি প্ৰৱঞ্চক আটক

বিহুৰ সময়ছোৱাতো যাতে কোনো দুষ্ট চক্ৰই অপৰাধজনিত কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details