অসম

assam

তিনি গাঞ্জা সৰবৰাহৰকাৰীৰ বিৰুদ্ধে কৰিমগঞ্জ আদালতৰ ঐতিহাসিক ৰায়

ETV Bharat / videos

তিনি গাঞ্জা সৰবৰাহৰকাৰীৰ বিৰুদ্ধে কৰিমগঞ্জ আদালতৰ ঐতিহাসিক ৰায়

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 12:40 PM IST

কৰিমগঞ্জ, 23 নৱেম্বৰ : তিনি গাঞ্জা সৰবৰাহৰকাৰীৰ বিৰুদ্ধে কৰিমগঞ্জ আদালতৰ ঐতিহাসিক ৰায়দান । বিহাৰৰ দুই পুৰুষ আৰু এগৰাকী মহিলা সৰবৰাহকাৰীক কৰিমগঞ্জ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে বিহিলে দহ বছৰৰ কাৰাদণ্ড ৷ লগতে প্ৰতিগৰাকীৰ বিৰুদ্ধে এক লাখ টকাৰ জৰিমণা ভৰাৰ নিৰ্দেশনা । 

লক্ষণীয় যে, 2022 চনত কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীয়ে তিনি সৰবৰাহকাৰীক বুজন পৰিমাণৰ গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তিনি গাঞ্জা সৰবৰাহৰকাৰী ক্ৰমে ৰমেন কুমাৰ, বিপিন কুমাৰ আৰু আম্মা দেৱী । ইয়াৰ পিচতে 124/22 নম্বৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ US 20 (b)(ii)(c) 29 NDPC আইনৰ অধীনত কৰিমগঞ্জ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল । চৰকাৰ পক্ষৰ পৰা এম এল কৈৰী নামৰ অধিবক্তাই গোচৰটোৰ বাবে আদালতত যুঁজ দিছিল ।

লগতে পঢ়ক:ডিৰাকত ভাৰতীয় সেনা বাহিনীৰ শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ

ABOUT THE AUTHOR

...view details