অসম

assam

ফেন্সি‌ডাইল কফ চিৰাপ জব্দ

By

Published : Aug 4, 2023, 8:16 PM IST

ETV Bharat / videos

Cough syrup seized: প্ৰায় 3.50 কো‌টি টকাৰ ফেন্সি‌ডাইল কফ চিৰাপ জব্দ

আগৰতলা, 4 আগষ্ট :ত্ৰিপুৰাৰ বজৰিচৰাৰ থানাৰ অন্তৰ্গত অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী আৰক্ষীয়ে চাউল ভৰ্তি ৬ চকীয়া ল’ৰী এখনৰ পৰা প্ৰায় 3.50 কো‌টি টকাৰ ফেন্সি‌ডাইল জব্দ কৰে। 353 টা কাৰ্টনত 35,300 টা ফেন্সি‌ডাইলৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । আৰক্ষীয়ে ল’ৰীখনৰ চালক আৰু সহ চালককো গ্ৰেপ্তাৰ কৰা হয়। 

জানিব পৰা মতে, শুকুৰবাৰে অসম-ত্ৰিপুৰা 8 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ত্ৰিপুৰাত প্ৰৱেশ কৰিবলৈ চাউল ভৰ্তি এখন 6 চকীয়া ল’ৰী উপস্থিত হয়। ল’ৰীখনত গাড়ীৰ ভিতৰত থকা চাউলৰ বস্তাৰ মাজৰ পৰা 353 টা কাৰ্টনত থকা 35,300 টা ফেন্সি‌ডাইল জব্দ কৰা হয় । যাৰ ক’লা বজাৰ মূল্য প্ৰায় 3.50 কো‌টি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

গ্ৰেপ্তাৰ হোৱা ল’ৰী চালক আৰু সহ চালক দুয়ো ক্ৰমে ৰাফাত আলী আৰু আছিফ আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ধৃত দুয়োৰে ঘৰ উত্তৰ প্ৰদেশত। ইতিমধ্য়ে আৰক্ষীয়ে নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্ত কেইটাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:Illegal liquor joints : টীয়কত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ, দুজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details