অসম

assam

ওদালগুৰিত কৰম উৎসৱ উদযাপন

ETV Bharat / videos

Karam Festival 2023: ওদালগুৰিৰ মাজুলী চাহ বাগিচাত দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন - ওদালগুৰিত কৰম উৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 7:08 AM IST

ওদালগুৰি, 19 ছেপ্টেম্বৰ :ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিচাত দুদিনীয়াকৈ আয়োজন কৰা হয় দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) মাজুলী সমিতিৰ উদ্যোগত, অসম চাহ মজদুৰ সংঘ (এচিএমএছ) আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মাজুলী প্ৰাথমিক গোট তথা সমূহ মাজুলীবাসী ৰাইজৰ সহযোগত মাজুলী চাহ বাগিচাৰ গধূলি বজাৰত আয়োজন কৰা হয় কৰম উৎসৱৰ কাৰ্যসূচী ৷

17 আৰু 18 ছেপ্টেম্বৰত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় কৰম উৎসৱৰ কাৰ্যসূচী । কৰম উৎসৱৰ কাৰ্যসূচী অনুসৰি, 17 ছেপ্টেম্বৰত কৰম উৎসৱৰ পতাকা উত্তোলন, স্মৃতি তৰ্পন, গছপুলি ৰোপণ, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ উক্ত দিনা বিয়লি ভাগত কৰম ডাল আদৰণি কৰাৰ লগতে স্থাপন কৰা হয় । এই কৰম ডাল স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীয়ে ।

তাৰ পাচতে কৰম বিধি আৰম্ভণি কৰা হয় ৷ লগতে কৰম আখড়া উদ্বোধন, কৰম উৎসৱ বিষয়ে আমন্ত্ৰিত অতিথিসকলে উদ্দেশ্য বাখ্যা কৰে ৷ ইয়াৰ পিচত কৰম আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয় ৷ এইবোৰৰ উপৰিও আদিবাসীসকলে নিজ নিজ জনগোষ্ঠীৰ নৃত্যৰ যেনে চাওতালী, কুড়ূখ, ওড়িয়া, কৰম আদি নৃত্যও প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক :Vishwakarma Puja 2023 : হৰি নাম পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ বিশ্বকৰ্মা পূজা

ABOUT THE AUTHOR

...view details