অসম

assam

বিতৰ্কই লগ নেৰা এখন আৰক্ষী থানা

ETV Bharat / videos

অন্তৰ্ধান হ’ল আৰক্ষীয়ে জব্দ কৰা 28 টাকৈ গৰু, হাবাথুৰি খাইছে ব্যৱসায়ীয়ে - আৰক্ষী থানা

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 9:11 PM IST

মঙলদৈ, 13 ডিচেম্বৰ : বিতৰ্কই লগ নেৰা ৰাজ্যৰ এখন আৰক্ষী থানা ৷ পূৰ্বে কেইবাটাও বিতৰ্কত সোমাই পৰা থানাখনক লৈ সৃষ্টি হৈছে আন এক বিতৰ্ক ৷ এইবাৰ অন্তৰ্ধান হ’ল চোৰাংকৈ সৰবৰাহ কৰাৰ সন্দেহত ধূলা থানাই জব্দ কৰা 28 টাকৈ গৰু ৷ অভিযোগ অনুসৰি মঙলদৈৰ এখন গো-শালাৰ পৰাই নোহোৱা হ’ল ধূলা থানাই জব্দ কৰা 28 টাকৈ গৰু ৷

ধূলা আৰক্ষী থানাই জব্দ কৰা 28 টাকৈ গৰু বিচাৰি এতিয়া হাবাথুৰি খাইছে গৰু ব্যৱসায়ীয়ে ৷ অভিযোগ অনুসৰি কেৱল গৰুৱেই নহয়, মঙলদৈস্থিত গো-শালা আৰু গো-শালাৰ গৰাকীও বৰ্তমান অন্তৰ্ধান ৷  

ঘটনা অনুসৰি 21 নৱেম্বৰৰ নিশা ধূলা আৰক্ষী থানাই চোৰাং কৈ সৰবৰাহ কৰাৰ সন্দেহত জব্দ কৰিছিল এখন ট্ৰাকসহ 28 টাকৈ গৰু ৷ ধূলা আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল ট্ৰাকসহ গৰু কেইটা ৷

এতিয়া গৰুৰ গৰাকীৰ মতে গৰু কেইটা আইনী প্ৰক্ৰিয়াৰে মঙলদৈৰ নিকটৱৰ্তী ৰঙামাটিৰ এটি গো-শালাত ৰখাৰ দায়িত্ব দিছিল ৷ গৰু ব্যৱসায়ী সকলে গৰু ক্ৰয় কৰাৰ বৈধ প্ৰমাণ পত্ৰ লৈ ধূলা আৰক্ষীৰ কাষ চপাৰ পিছত এতিয়া গো-শালাত গৰু বিচাৰি নাপায় বিপাঙত পৰিছে আৰক্ষী আৰু গৰুৰ গৰাকী ৷ 

লগতে পঢ়ক :বিলাসীপাৰাত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details