অসম

assam

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধিৱেশনত ওপৰঞ্চি ১০০কোটি বাজেট অনুমোদন

ETV Bharat / videos

KAAC Budget Session 2023-24 : কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধিৱেশনত ওপৰঞ্চি ১০০কোটি বাজেট অনুমোদন - কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য

By

Published : Jun 29, 2023, 10:09 AM IST

ডিফু, ২৯ জুন: কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ ছেচন হলত বুধবাৰে ২৪৫ সংখ্যক পৰিষদৰ অধিৱেশনখন সম্পন্ন হৈ যায় । অধ্যক্ষ ৰাজু তিছʼৰ অধ্যক্ষতাত অনুষ্ঠিত অধিবেশনত বিত্তীয় বিভাগৰ দায়িত্বত থকা কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে বাজেট দাখিল কৰে ৷ তেওঁ কাৰ্বি আংলং আৰু পশ্চিম আংলং জিলাৰ সম বিকাশৰ স্বাৰ্থত ওপৰঞ্চি বাজেট অনুমোদনৰ বাবে সদনত দাখিল কৰে ।

পাছত অনুদান ভিত্তিত আৰ্থিক নাটনিৰ পূৰণ কৰিবলৈ ১০০ কোটি টকাৰ ওপৰঞ্চি বাজেট সদনত গৃহীত কৰা হয় । ইফালে অধিবেশনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বে সদনত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্য প্ৰয়াত ৰআংদআং টেৰণ, বীৰেন্দ্ৰ কুমাৰ নাথ, এল লুৱম আৰু কাৰ্বি পৰম্পৰাগত লিনদকপʼ তথা ৰজা ৰামছিং ৰংহাঙক স্মৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ।

ইয়াৰ পাছতে সদনত এক শোকৰ প্ৰস্তাৱ গ্ৰহণ কৰি অধ্যক্ষ ৰাজু তিছʼৰে শোকৰ প্ৰস্তাৱ পাঠ কৰে আৰু পৰৱৰ্তী কাৰ্যসূচীৰ ঘোষণা কৰে । ইফালে কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে জিলাখনৰ সম উন্নয়নৰ হকে ওপৰঞ্চি বাজেট সদনত গৃহীত হোৱাৰ বাবে পবিত্ৰ সদনত উপস্থিত থকা সদস্যসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:Monsoon session of Parliament: জুলাইৰ তৃতীয় সপ্তাহৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন !

ABOUT THE AUTHOR

...view details