অসম

assam

গা ধুবলৈ গৈ সলিল সমাধি দুই ছাত্ৰৰ

ETV Bharat / videos

Teenager drowns to death: ফাকুৱাৰ আনন্দৰ মাজতে নৈত গা ধুৱ গৈ দুই কিশোৰৰ সলিল সমাধি

By

Published : Mar 10, 2023, 8:52 AM IST

চিৰাং, 10 মাৰ্চ :চিৰাঙত শোকাৱহ ঘটনা ৷ সমগ্ৰ ৰাজ্যতে হোলীৰ উৎসাহ-উদ্দীপনা অব্যাহত থকাৰ মাজতেই চিৰাঙৰ আমগুৰিৰ কানা মাক্ৰা নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুই ছাত্ৰৰ । ৮ মাৰ্চৰ দিনা হোলী খেলি কিশোৰ দুজনে কানা মাক্ৰা নৈত গা ধুবলৈ গৈছিল বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে (2 teenager die due to drowning water)৷

সলিল সমাধি ঘটা ছাত্ৰ দুজন জগন্নাথ উপাধ্যায় (১৪) আৰু যুগল শৰ্মা (১৪) বুলি জানিবলৈ পৰা গৈছে ৷ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰ দুজনক উদ্ধাৰ কৰি বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও মৃত ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই (Chirang two student death by drowned) ।

উল্লেখযোগ্য যে কানামাক্ৰা নৈত অবৈধ ভাৱে অব্যাহত আছে শিল বালিৰ খনন ৷ যাৰবাবে ঠাইসাপেক্ষে নৈখনৰ গভীৰতা অধিক হোৱাৰ লগতে ইয়াৰ তলিখন খলা-বমা আৰু টান হৈ পৰিছে ৷ ইয়াৰ ফলতে এনে এক শোকাৱহ ঘটনা সংঘটিত হ’বলৈ পালে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ লগতে বিটিচি প্ৰশাসনক অনতি পলমে অবৈধভাৱে শিল বালিৰ খনন কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনায় স্থানীয় লোকে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ আমগুৰি অঞ্চলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে (Illegal rock and sand mining in BTAD)। 

ABOUT THE AUTHOR

...view details