অসম

assam

thunderstorm: বিশ্বনাথত বজ্ৰ পৰি দুজনৰ মৃত্যু

By

Published : Jun 14, 2023, 11:44 AM IST

বজ্ৰপাত পৰি দুজনৰ মৃত্যু

বিশ্বনাথ, 14 জুন: বিশ্বনাথত শোকাৱহ ঘটনা ৷ ব্ৰজপাত পৰি প্ৰাণ হেৰুৱালে দুজনকৈ যুৱকে ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী মহালক্ষীত মঙলবাৰে নিশা প্ৰায় 8 মান বজাত বিজুলী ঢেৰেকনিৰে মুষলধাৰ বৰষুণ আহে ৷ এই বৰষুণৰ মাজতে অহা বজ্ৰ পৰি দুজনকৈ যুৱকৰ মৃত্যু হয় ৷

উল্লেখ্য যে, সন্ধিয়াৰ ভাগত কৰ্মস্থলীৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত আদবাটতে বজ্ৰ পৰি পোনা খান্দোৱালৰ পুত্ৰ আনন খান্দোৱাল (21) আৰু দেবাৰু গড়ৰ পুত্ৰ ৰমেশ গড় (25) নামৰ যুৱক দুজনৰ মৃত্যু ঘটে ৷ যুৱক দুজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
দুজনকৈ যুৱকে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱাত অঞ্চলজুৰি শোকৰ ছা পৰা পৰিলক্ষিত হৈছে ৷ 

লগতে পঢ়ক :Himanta Biswa sarma Militant link: মণিপুৰত বিজেপিৰ চৰকাৰ গঠন কৰাত আছিল উগ্ৰপন্থী সংগঠনৰ হাত !

ABOUT THE AUTHOR

...view details