Rape in Bilasipara: নাবালিকা নিৰ্যাতনকাৰীক সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ
Published : Sep 23, 2023, 11:15 AM IST
|Updated : Sep 23, 2023, 11:20 AM IST
বিলাসীপাৰা, 23 ছেপ্টেম্বৰ: বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান । বিলাসীপাৰা থানাৰ অন্তৰ্গত বাঙালীপাৰা আৰু বৰোগিৰাইৰপাৰত সংঘটিত নাবালিকা নিৰ্যাতনৰ মূল দোষীক সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে । চৰকাৰী পক্ষৰ অধিবক্তাই জানোৱা মতে, বাঙালীপাৰাত তুলসীবিলৰ জাহিদুল ইছলামে এগৰাকী নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । ঘটনা সন্দৰ্ভত 16/2020 নং গোচৰত 366 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰজু কৰি আদালতত বিচাৰ চলি আছিল ।
আনহাতে, বৰোগিৰাইৰপাৰৰ ৰাজিউল কৰিমে এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা কৰিছিল । এই সন্দৰ্ভতো 28/2021 নং গোচৰত 354 নং ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত গোচৰ ৰুজু কৰি বিচাৰ প্ৰক্ৰিয়া চলি আছিল । শুকুৰবাৰে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মকুল চেতিয়াই POSCO আইনৰ অধীনত জাহিদুলক পোন্ধৰ হাজাৰ টকা জৰিমনা আৰু 21 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে । আনহাতে ৰাজিউলক পোন্ধৰ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে আৰু 9 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে ।
ন্যায়ালয়ৰ এই ৰায়দানৰ প্ৰতি ভুক্তভোগী পৰিয়াল দুটিয়ে সন্তুষ্টি প্ৰকাশ কৰে ।
লগতে পঢ়ক:Anandaram Dekial Fukan Award : ভাস্কৰ্য শিল্পী বীৰেন সিংহলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা