অসম

assam

কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত 2 অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : Jul 6, 2023, 10:51 PM IST

ETV Bharat / videos

2 rape accused arrested : কিশোৰীক ধৰ্ষণ-হত্যাৰ গোচৰত 2 অভিযুক্ত গ্ৰেপ্তাৰ, পলাতক মাষ্টাৰমাইণ্ড

হাইলাকান্দি, 6 জুলাই : হাইলাকান্দিত ভয়ংকৰ ঘটনা ৷ এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ দুই যুৱকক ৷  হাইলাকান্দি আৰক্ষীয়ে জাবিৰ আহমদ আৰু আনছাৰ উদ্দিন মজুমদাৰক গ্ৰেপ্তাৰ কৰে যদিও মূল অভিযুক্ত জুবেইৰ আহমেদ তালুকদাৰ এতিয়াও পলাতক হৈ আছে ৷ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেই এই জঘন্য গোচৰত তিনিজন যুৱক জড়িত, ইয়াৰে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব দিছে। 

ঘটনাৰ বিৱৰণী অনুসৰি 5 জুলাইৰ নিশা এগৰাকী লোকে নিজ কন্যাক লগত লৈ মহিমপুৰ আৰক্ষী থানালৈ আহিছিল ৷ নাবালিকাগৰাকীৰ স্বাস্থ্য একেবাৰে বেয়া হোৱাৰ বাবে তেওঁক হাইলাকান্দি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতিৰ বাবে উন্নত চিকিৎসাৰ বাবে তেওঁক ততালিকে শিলচৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ 

কিন্তু দুৰ্ভাগ্যজনকভাৱে কিশোৰীগৰাকী মৃত্যুৰ মুখত পৰিল ৷ তাৰ পিচতেই আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিল যে ভুক্তভোগী কিশোৰীগৰাকীসহ এগৰাকী বান্ধৱীক দুই যুৱকে নুনিবালি বাগানলৈ লৈ গৈছিল ৷  তাৰ পিচতেই সংঘটিত হৈছিল জঘন্য ঘটনা ৷ স্থানীয় লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি বিদ্যালয় কৰ্তৃপক্ষক গতাই দিয়ে ৷ কিন্তু ইয়াৰ মাজতেই জুবেইৰ আহমেদ পলাবলৈ সক্ষম হয় ৷ এতিয়া পলাতক জুবেইৰৰ বাবে আৰক্ষীয়ে জাৰি কৰিছে ৱাণ্টেড নোটিছ ৷ অভিযুক্তৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ এই ঘটনাত সমগ্ৰ হাইলাকান্দিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক:Biman Roy arrested : গ্ৰেপ্তাৰ হোৱা বিমান ৰয়ক লৈ নলবাৰীলৈ যাত্ৰা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details