Anti Drugs Co-ordination Meet: ড্ৰাগছ বিৰোধী সমন্বয় সমিতিৰ প্ৰথম বৈঠক সম্পন্ন - Drug Remedies Coordination Committee
জোনাই,১৭ জুন:শনিবাৰে চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় ড্ৰাগছ বিৰোধী সমন্বয় সমিতিৰ প্ৰথম বৈঠকখন । ড্ৰাগছ নিৰাময় সমন্বয় সমিতিৰ সভাপতি প্ৰৱণ কুমাৰ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ড্ৰাগছ নিৰাময় সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক ৰজনী সন্দিকৈয়ে ।
সভাত ড্ৰাগছ নিৰাময় সমন্বয় সমিতিৰ উপদেষ্টা প্ৰদীপ দুৱৰাই কয় যে, চিমেন চাপৰিৰ সমিতিখনে গাঁও পঞ্চায়তৰ লগতে ডিমৌ, চমকং, মিছামৰা, ডেকাপাম গাঁও পঞ্চায়তত সজাগতা সভা অনুষ্ঠিত কৰি সমগ্ৰ অঞ্চলত মাদক দ্ৰব্য আৰু অসামাজিক তথা অপৰাধ কাৰ্যৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰি নৱপ্ৰজন্মৰ মাজত প্ৰচলন হ'বলৈ ধৰা বিভিন্ন অসামাজিক আৰু অপৰাধমূলক কাম-কাজে সমাজৰ বহু ক্ষতিগ কৰিছে বুলি বক্তব্য ৰাখি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই বুলি কয় ।
সমিতিৰ অন্যতম উপদেষ্টা চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰ,উপ সভাপতি চমকং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰজিৎ ৰায় চৌধুৰী,উপ সভাপতি ফনীধৰ দ্বাৰিক, ৰাজেন ৰায়, চিমেন চাপৰি গাওঁ প্ৰধান ৰজনী মহন্তই চিমেন চাপৰি, চমকং, ডেকাপাম, মিছামৰা, তেলাম আদি অঞ্চলত ড্ৰাগছ, মাদকদ্ৰব্য, অসামাজিক তথা অপৰাধমূলক কামকাজৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুজঁ দিয়াৰ মতপোষণ কৰি এইক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক:Double suicide at Noonmati: নুনমাটিত একেদিনাই দুটাকৈ আত্মহত্যাৰ ঘটনা