Dance performance at Kalakshetra: তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন - কলাকেন্দ্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
গুৱাহাটী,২৮ মে': মহানগৰীৰ নাৰেংগীস্থিত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন (1st Foundation Day of Tulika Nrityanjali Kalakendra) । সেই উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত কৰা হয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান । অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে নৃত্যাচাৰ্য্য পদ্মশ্ৰী যতীন গোস্বামী, বায়নাচাৰ্য্য পদ্মশ্ৰী ঘনকান্ত বৰা, গোপাল কৃষ্ণ গোস্বামী, অনিতা শৰ্মা, অভিনেত্ৰী মৃদুলা বৰুৱা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট সংস্কৃতিবান ব্যক্তি ।
প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠানটোত নৃত্য পৰিৱেশন কৰে তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰত নৃত্য প্ৰশিক্ষণ লোৱা শিক্ষাৰ্থীসকলে (Dance performance at Kalakshetra) । ভিন্ন ভিন্ন নৃত্য অনুষ্ঠানেৰে কাৰ্যসূচী সফল কৰি তোলে শতাধিক নৃত্য শিক্ষাৰ্থীয়ে (Dance program at Kalakshetra) । অনুষ্ঠানটি ভৱিষ্য়তে আগুৱাই যোৱাত সকলোৰে সহায়-সহযোগিতা কামনা কৰে নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ পৰিচালিকাগৰাকীয়ে । লগতে উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক:Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবীত প্ৰতিবাদ