বড়োলেণ্ডৰ সাংবাদিকৰ বাবে নিৰ্মাণ হ'ব আদৰ্শ কাৰ্যালয়: প্ৰমোদ বড়ো - প্ৰেছ ক্লাবৰ সপ্তদশ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশন
Published : Dec 27, 2023, 8:08 AM IST
বাক্সা,২৭ ডিচেম্বৰ: বড়োলেণ্ডৰ সাংবাদিকৰ বাবে ১০ টা মহকুমাত আদৰ্শ কাৰ্যালয় নিৰ্মাণ কৰিব বিটিআৰ চৰকাৰে । অহা মাৰ্চ মাহৰ পৰাই আৰম্ভ হ'ব এই আদৰ্শ কাৰ্যালয় নিৰ্মাণৰ কাম । মঙলবাৰে বাক্সা জিলাৰ বৰমাত বাক্সা প্ৰেছ ক্লাবৰ সপ্তদশ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি এই প্ৰতিশ্ৰুতি প্ৰদান কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । নিৰ্মাণ কৰিবলগীয়া এই আদৰ্শ কাৰ্যালযত ৱাই ফাইকে ধৰি সকলো সুবিধা উপলব্ধ হ'ব বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ।
ইয়াৰ পূৰ্বে ধ্ৰুৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আছুৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সাংবাদিক অৰূপ শৰ্ম্মা, সমাজকৰ্মী তথা শিক্ষক দেওবাৰে ৰামছিয়াৰী, ৰমেশ দাস, বড়োলেণ্ড সাংবাদিক সন্থাৰ সম্পাদক ৰমেন দাস, আছুৰ কাৰ্যনিৰ্বাহক সদস্য কংকন জ্যেতি শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সাংবাদিকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ।
লগতে পঢ়ক:প্ৰাক্তন আলফা নেতা জিতু তালুকদাৰক আটক, চাৰিদিন ধৰি সোধাপোছা অব্যাহত