Minor rape and Murdered: জঘন্য! সোণাপুৰত 16 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা; আৰক্ষীৰ জালত অভিযুক্ত
গুৱাহাটী, ২ জুলাই : সোণাপুৰত সংঘটিত হৈছে এক জঘন্য আৰু শিহৰণকাৰী ঘটনা ৷ এগৰাকী 16 বছৰীয়া কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিচত হত্যা কৰি নদীত পেলাই দিয়ে ৷ সোণাপুৰৰ এলেঙাত সংঘটিত হৈছে এই ঘটনা ৷ যোৱা 28 জুনৰ দিনা বিয়লি 4 বজাত বজাৰলৈ ম’বাইল ভাল কৰিবলৈ বুলি ওলাই গৈছিল কিশোৰীগৰাকী ৷
তাৰ পিচৰ পৰাই কিশোৰীগৰাকী নিখোঁজ হৈ আছিল ৷ কিশোৰীগৰাকীক বাৰে বাৰে ফোন কৰাৰ স্বত্বেও ফোনটো লগা নাছিল ৷ ঘৰৰ পৰিয়ালে বিচাৰ খোচাৰ আৰম্ভ কৰি কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাছিল ৷ ইয়াৰ পাচতেই পৰিয়ালৰ লোকে আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত শুকুৰবাৰে কিশোৰীগৰাকীৰ মৃতদেহ ডিগাৰু নৈত উদ্ধাৰ কৰা হয় ৷ মৃতদেহটো উদ্ধাৰৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় উপ-আৰক্ষী আয়ুক্ত সুৰজিৎ সিং পানেছৰ আৰু সোণাপুৰ আৰক্ষী ৷
সমগ্ৰ ঘটনাৰ তদন্তৰ পাচতে বাবুল টুমুঙ নামৰ অভিযুক্তটোৱে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ পাচত হত্যা কৰি নদীত পেলাই দিয়া বুলি নিজমুখে স্বীকাৰ কৰে ৷ উল্লেখ্য যে আৰক্ষীয়ে শুকুৰবাৰে নিশাই বাবুল টুমুঙক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছিল ৷ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে কিশোৰীগৰাকীৰ হত্যাকাৰীক কঠোৰতম শাস্তিৰ লগতে ফাঁচী দিয়াৰো দাবী উত্থাপন কৰিছে ৷
লগতে পঢ়ক:Crime in Tinsukia: তিনিচুকীয়াত ৫ হাজাৰ লিটাৰ চোৰাং খাৰুৱা তেল জব্দ