অসম

assam

Etv Bharatদিল্লীলৈ ৰাওনা হ’ল আলোচনাপন্থী আলফাৰ 16 জনীয়া দল

ETV Bharat / videos

দিল্লীলৈ ৰাওনা হ’ল আলোচনাপন্থী আলফাৰ 16 জনীয়া দল - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 10:37 AM IST

Updated : Dec 27, 2023, 11:51 AM IST

মিৰ্জা, 27 ডিচেম্বৰ : অহা 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব বহু প্ৰত্যাশিত আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি ৷ শান্তি চুক্তিৰ বাবে বুধবাৰে পুৱাই দিল্লীলৈ ৰাওনা হৈছে আলোচনাপন্থী আলফাৰ কেন্দ্ৰীয় কমিটীৰ সৈতে কৰ্ম পৰিষদৰ এটা 16 জনীয়া দল। আলোচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱা, প্ৰদীপ গগৈ, অনুপ চেতিয়া, চিত্ৰবন হাজৰিকা, মিথিংগা দৈমাৰী, প্ৰণতি ডেকা , শশধৰ চৌধুৰী , ৰাজু বৰুৱা, অপুৰ্ব বৰুৱা, বিজু ডেকা, প্ৰাণজিৎ শইকীয়া, অন্টু চাওদাং, প্ৰদ্যুৎ গোহাঁই , পল্লৱ শইকীয়া, মৃণাল হাজৰিকা, দেৰগ্ৰাহা বসুমতাৰী আদিকে ধৰি 16 জনীয়া দলটিয়ে বৰঝাৰ বিমান বন্দৰৰ পৰা 10 বজাত দিল্লীলৈ উৰা মাৰে ৷ 

প্ৰায় 12 বছৰৰ অন্তত ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ দিশে আগবঢ়াত আনন্দ প্ৰকাশ কৰে দলটোৱে । নতুন দিল্লীৰ নৰ্থ ব্লকত 29 ডিচেম্বৰৰ দিনা বহুচৰ্চিত এই চুক্তি স্বাক্ষৰিত হ’ব ৷ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত সোনকালে কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনায় আলোচনাপন্থী আলফা নেতাকেইজনে । অহা 31 ডিচেম্বৰত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দলটোক এক বিশাল অনুষ্ঠানেৰে উষ্ম আদৰণি জনোৱা হ’ব ৷ 

লগতে পঢ়ক :এফালে শান্তিচুক্তি, আনফালে আলফা(স্বা)ৰ কূটাঘাত; কোনদিশে এনে কাৰ্যপলাপ ?

Last Updated : Dec 27, 2023, 11:51 AM IST

ABOUT THE AUTHOR

...view details