অসম

assam

১৪৮ সংখ্যক বীৰ বীৰছা মুণ্ডা দিৱস

ETV Bharat / videos

Birsa Munda Day observed:১৪৮ সংখ্যক বীৰ বীৰছা মুণ্ডা দিৱস পালন - অৰুণাচল প্ৰদেশ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 7:44 AM IST

তিনিচুকীয়া, 16 নৱেম্বৰ :অৰুণাচল প্ৰদেশৰ বৰডুমচাত সদৌ আদিবাসী ছাত্ৰ সন্থা অৰুণাচল প্ৰদেশ চমুকৈ আছাপ আৰু বৰডুমচা আদিবাসী উন্নয়ন পৰিষদৰ উদ্যোগত বৰডুমচা মহং মূড়া খেলপথাৰত ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ১৪৮ সংখ্যক বীৰ বীৰছা মুণ্ডা দিৱস তথা জন জাতীয় গৌৰৱ দিৱস অনুষ্ঠিত হয় । পুৱা পতাকা উত্তোলন কৰাৰ পিচতেই অৰুণাচল প্ৰদেশৰ ৪৯ বৰডুমচা ডায়ুন বিধান সভা সমষ্টিৰ বিধায়ক চামলুং মৌচাঙে বীৰ বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে ।

জনজাতীয় গৌৰৱ দিৱসৰ বৰডুমচা আদিবাসী উন্নয়ন পৰিষদৰ সভাপতি চুঙ্কু মূড়াই সভাপতিত্ব কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৪৯ বৰডুমচা ডায়ুন বিধানসভা সমষ্টিৰ বিধায়ক চামলুং মৌচাং, বৰডুমচা সহঃ আৰক্ষী অধীক্ষক অ’লিং লেগু, ডায়ুন ZPM মুকেশ দেউৰী লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ৷ উক্ত কাৰ্যসূচীৰ পৰাই উদযাপন সমিতিৰ সভাপতি বৰচাৎ বাৰিক আৰু সম্পাদক সন্তোষ মূড়াকে জনজাতীয় গৌৰৱ দিৱসত সহায় সহযোগ আগবঢ়োৱা বৰডুমচাবাসীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :Badausa Cup 23 football tournament: ১৯ নৱেম্বৰৰ বদৌছা কাপ-২৩ ফুটবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details